ETV Bharat / bharat

লক্ ডাউনত কৰ্মসংস্থাপন হেৰুৱাই দেহ ব্য়ৱসায়ীত দুই যুৱতী !

দেশত চলা 72 দিনীয়া লক্ ডাউনে অন্ধকাৰ নমাই আনিল বহু লোকৰ জীৱনলৈ । কাৰণ লক্ ডাউনৰ ফলতেই বহু ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত লোকে হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ পথ । তেনে এক ঘটনা পোহৰলৈ আহিছে নাগপুৰত । কৰ্মসংস্থাপন হেৰুৱাই দেহ ব্য়ৱসায়ীত নামিল দুই যুৱতী ।

Young Women Turn To Prostitution After Losing Their Jobs During The Lockdown

author img

By

Published : Jun 12, 2020, 1:42 PM IST

নাগপুৰ, 12 জুনঃ নাগপুৰত পোহৰলৈ আহিছে দুই যুৱতীৰ এক কৰুণ কাহিনী । লক্ ডাউনৰ ফলত কৰ্মসংস্থাপন হেৰুৱাই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ দেহ ব্যৱসায়ত নামি পৰিল দুই যুৱতী । নাগপুৰ-কৰাদি ৰোডৰ বিজয়ানন্দ ছ'চাইটিৰ এখন ঘৰত আৰক্ষীয়ে অকস্মাতে চলোৱা অভিযানৰ পাচতেই পোহৰলৈ আহিছে এই ঘটনা ।

লক্ ডাউনত কৰ্মসংস্থাপন হেৰুৱাই দেহ ব্য়ৱসায়ীত দুই যুৱতী !

কৰাদি মাৰ্গৰ বিজয়নন্দ ক'লনিৰ এখন ঘৰত চন্দ্ৰশেখৰ মুদালিয়াৰ নামৰ লোকজনে দেহ ব্য়ৱসায় চক্ৰ চলাই গৈছিল । আৰক্ষীয়ে ভুৱা গ্ৰাহকৰ চলেৰে ব্ৰকাৰৰ সৈতে চুক্তি হোৱাৰ পাচতেই লোকজনে বুধবাৰে বিজয়ানন্দ ছ'চাইটিৰ ঘৰখনলৈ পঠিয়ায় । তাৰ পাচতেই পোহৰলৈ আহে এই দুই দুৰ্ভগীয়া যুৱতীৰ দুৰ্দৰ্শাৰ কথা ।দুই যুৱতীক চন্দ্ৰশেখৰ মুদালিয়াৰ নামৰ লোকজনে দেহ ব্য়ৱসায়ত নমোৱাৰ কথা জানিব পৰা যায় । আৰক্ষীয়ে ইতিমধ্য়ে দেহ ব্যৱসায়ী চন্দ্ৰশেখৰ মুদালিয়াৰক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতী দুগৰাকীকো সোধ-পোচৰ বাবে থানালৈ লৈ আনে ।

জানিব পৰা মতে, দুয়োগৰাকী যুৱতী লক্ ডাউনৰ পূৰ্বে কোনো প্ৰতিষ্ঠানত কৰ্মৰত আছিল । এগৰাকী যুৱতী গুজৰাটৰ ৰাজকোটৰ শাৰী কাৰখানাত ডিজাইনাৰ হিচাপে কৰ্মৰত থকাৰ বিপৰীতে আন গৰাকী যুৱতী নাগপুৰৰ এখন বে-চৰকাৰী চিকিৎসালয়ত কৰ্মৰত আছিল ।

কিন্তু লক্ ডাউনৰ পাচতেই কৰ্মসংস্থাপন হেৰুৱাই প্ৰথমগৰাকী মহিলা নাগপুৰলৈ আহিছিল । আনহাতে, দ্বিতীয়গৰাকী মহিলাও লক্ ডাউনৰ সময়ত ব্যক্তিগত হাস্পতালখনৰ OPD বন্ধ হৈ পৰাত নিবনুৱা হৈ পৰে । দুয়োয়ে লক্ ডাউন 17 মে'ৰ পাচত কিছু শিথিল হোৱাৰ পাচতেই নতুন চাকৰিৰ সন্ধান কৰি থকাৰ সময়তে চন্দ্ৰশেখৰ মুদালিয়াৰ নামৰ লোকজনৰ সংস্পৰ্শলৈ আহে । পিচত তেনেকৈয়ে পৰিয়ালৰ পোহ-পালৰ বাবে কম সময়ৰ ভিতৰত অধিক টকা উপাৰ্জনৰ লালসাত দেহ ব্য়ৱসায়ৰ লগত জড়িত হৈ পৰে যুৱতী দুগৰাকী । কিন্তু ব্য়ৱসায়ী চন্দ্ৰশেখৰে যুৱতী দুগৰাকীক অতি কম পইচা দি গ্ৰাহকৰ পৰা অধিক টকা সংগ্ৰহ কৰা বুলিও যুৱতী দুগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.