ETV Bharat / bharat

বিশ্বজুৰি ক‘ৰণাতংকঃ দৈনিক আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত সহস্ৰাধিক লোক, শতাধিক হাৰত মৃত্যু

author img

By

Published : Mar 21, 2020, 4:14 PM IST

চীনৰ পৰা উৎপত্তি হোৱা কোভিদ-19ৰ আতংকই চানি ধৰিছে সমগ্ৰ বিশ্ব ৷ শেহেতীয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বত ক‘ৰণা ভাইৰাছত 276,503 জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত 11,417 জনৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ 91,954 জন লোক এই ভাইৰাছৰ পৰা বিপদমুক্ত হৈছে ৷

বিশ্বজুৰি ক‘ৰণাতংকঃ দৈনিক আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত সহস্ৰাধিক লোক, শতাধিক হাৰত মৃত্যু
বিশ্বজুৰি ক‘ৰণাতংকঃ দৈনিক আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত সহস্ৰাধিক লোক, শতাধিক হাৰত মৃত্যু

নেশ্ব’নেল ডেস্ক, 21 মাৰ্চঃ চীনৰ পৰা উৎপত্তি হোৱা কোভিদ-19ৰ আতংকত বলি সমগ্ৰ বিশ্ব ৷ প্ৰতিখন ৰাষ্ট্ৰতে এই ভাইৰাছ বিধে মৃত্যুৰ বিভীষিকা হিচাপে আতংকৰ সৃষ্টি কৰিছে ৷ শেহেতীয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বত ক‘ৰণা ভাইৰাছত 276,503 জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত 11,417 জনৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ 91,954 জন লোক এই ভাইৰাছৰ পৰা বিপদমুক্ত হৈছে ৷

অধিক বেছি আক্ৰান্ত হোৱা বিশ্বৰ 10 খন দেশৰ তথ্য বিশ্লেষণ কৰিলেই স্পষ্ট হৈ পৰে ভাইৰাছবিধৰ ভয়াৱহতাৰ কথা৷ উৎপত্তিস্থল চীনত এই ভাইৰাছ বিধত প্ৰথমে 81,008 জন লোক আক্ৰান্ত হৈছিল ৷ পৰৱৰ্তী সময়ত আকৌ নতুনকৈ 41 জন লোক আক্ৰান্ত হয়৷ চীনত শেহতীয়াকৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7 জন আৰু আৰোগ্য হোৱা লোকৰ সংখ্যা 71,740 জন৷ বৰ্তমানলৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 6,013 জন, কিন্তু ইয়াৰ ভিতৰত সংকটজনক অৱস্থাত 1,927 জন লোক চিকিৎসাধীন হৈ আছে ৷

একেদৰে ইটালীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা চীন দেশতকৈ কম যদিও ইটালীতো সৰহ সংখ্যক লোকৰ মৃত্যু হয় ৷ ইটালীতসৰ্বমুঠ 47,021 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 4,032 জন৷ ইটালীত আৰোগ্যৰ সংখ্যা 5,129 জন ৷ বৰ্তমানলৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 37,860 জন ৷ ইয়াৰে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 2,655 জন ৷

স্পেইনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 47,021 জন আৰু মৃত্যুৰ সংখ্যা 1,093 জন ৷ বৰ্তমানলৈ আৰোগ্য হোৱা লোকৰ সংখ্যা 1,588 জন ৷ ইয়াৰে চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 18,890 আৰু সংকটজনক অৱস্থাত থকা লোকৰ সংখ্যা 939 জন ৷

জাৰ্মানীত কৰ’ণা ভাইৰাছত 19,848 জন লোক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা 68 জন ৷ বৰ্তমানলৈ আৰোগ্য হৈছে 180 জন আৰু চিকিৎসাধীন হৈ আছে 19,600 জন লোক ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 2 জন লোক ৷

আমেৰিকাত আক্ৰান্তৰ সংখ্যা 19,778 জন৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা 395 জন৷ আমেৰিকাত মৃত্যুৰ সংখ্যা 275 জন ৷ নতুনকৈ মৃত্যু হোৱা লোকৰ সংখ্যা 19 জন আৰু আৰোগ্যৰ সংখ্যা 147 জন লোক৷ চিকিৎসাধীন লোকৰ সংখ্যা 19,353 জন৷ লগতে সংকটজনক অৱস্থাত চিকিৎসাধীন লোকৰ সংখ্যা 64 জন ৷

একেদৰে ইৰানত আক্ৰান্তৰ সংখ্যা 19,644 জন, সৰ্বমুঠ মৃত্যুৰ সংখ্যা 1,433 জন, আৰোগ্যৰ সংখ্যা 6,745 জন আৰু চিকিৎসাধীন লোকৰ সংখ্যা 11,466 জন ৷

ফ্ৰান্সত আক্ৰান্ত 12,612 জন, মৃত্যুৰ সংখ্যা 450, আৰোগ্যৰ সংখ্যা 1,587, চিকিৎসাধীন লোকৰ সংখ্যা 10,575 জন আৰু সংকটজনক অৱস্থাত আছে 1,297 জন লোক ৷

একেদৰে দক্ষিণ কোৰিয়াত আক্ৰান্ত 8,799 জন লোক, নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা 147 জন, সৰ্বমুঠ মৃত্যুৰ সংখ্যা 102 জন, নতুনকৈ মৃত্যুৰ সংখ্যা 8 জন৷ আৰোগ্য লোকৰ সংখ্যা 2,612 জন ৷ চিকিৎসাধীন লোকৰ সংখ্যা 6,085 জন আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন 59 জন ৷

একেদৰে স্ক‘টলেণ্ডত আক্ৰান্ত লোকৰ সংখ্যা 5,615 জন ৷ মৃতকৰ সংখ্যা 56 জন৷ আৰোগ্য লাভ কৰাৰ সংখ্যা 15 জন ৷ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 5,544 জন আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন লোকৰ সংখ্যা 141 জন৷ এনেদৰে কম-বেছি পৰিমাণে বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে কোভিদ-19 য়ে আতংকৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, ভাৰততো ইয়াৰ ভয়াবহতা বৃদ্ধি পাইছে৷ তথ্য অনুসৰি ভাৰতত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 275 জন ৷ শেহতীয়াকৈ কৰ’ণা ভাইৰাছ আতংকত নতুনকৈ ধৰা পৰিছে 26 জনতকৈও অধিক লোক আৰু সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 5 জন৷ অৱশ্যে এতিয়ালৈকে 23 জন লোকে আৰোগ্য লাভ কৰে আৰু চিকিৎসাধীন হৈ আছে 247 জন লোক ৷ গতিকে প্ৰতিখন ৰাষ্ট্ৰতে সাৱধানতা অৱলম্বন নকৰিলে হয়তো মৃত্যু উপত্যকতাত পৰিণত হ‘ব পাৰে সমগ্ৰ বিশ্ব ৷

লগতে পঢ়কঃ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.