ETV Bharat / bharat

বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য

author img

By

Published : Sep 10, 2020, 12:21 AM IST

সমগ্ৰ বিশ্বতে 10 ছেপ্টেম্বৰৰ দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে পালন কৰা হয় ৷

World Suicide prevention day, how to tackle mental health
বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে ৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সংশ্লিষ্ট বিভাগে অভিনেত্ৰী তথা সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু এই ঘটনাই সমগ্ৰ দেশতে মানসিক স্বাস্থ্য সন্দৰ্ভটো কিছু বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে কিছুসংখ্যক সংবাদমাধ্যমৰ চৰিত্ৰও উদঙাই দিছে ৷ বেছিসংখ্যক সংবাদ মাধ্যমেই এই ঘটনাক লৈ উদ্ভণ্ডালিমুলক বাতৰি প্ৰচাৰ কৰাৰ লগতে অল্পসংখ্যক সংবাদ মাধ্যমেহে আত্মহত্যা আৰু মানসিক স্বাস্থ্যক আগত ৰাখি বাতৰি পৰিৱেশন কৰিছে ৷

সমগ্ৰ বিশ্বতে 10 ছেপ্টেম্বৰৰ দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে উদযাপন কৰা হয় ৷ আত্মহত্যাৰ দৰে ঘটনা প্ৰতিৰোধ কৰাৰ লগতে মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে 2003 চনৰ পৰাই এই দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আত্মহত্যা প্ৰতিৰোধী আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিশ্ব মানসিক স্বাস্থ্য সংস্থাই এই দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ৷

আত্মহত্যা প্ৰতিৰোধ সমগ্ৰ বিশ্বৰ বাবেই এক বৃহৎ প্ৰত্যাহ্বান ৷ প্ৰতিবছৰে বিশ্বৰ শীৰ্ষ 20টা মৃত্যুৰ কাৰকৰ ভিতৰত সকলো বয়সৰ লোকক সামৰি আত্মহত্যা এক প্ৰধান কাৰণ হিচাপে দেখা যায় ৷ প্ৰতিবছৰে বিশ্বত 800,000 লাখ লোকে আত্মহত্যা কৰে অৰ্থাৎ প্ৰতি 40 ছেকেণ্ডত এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰে ৷

এটা মানৱ জীৱন এগৰাকী সংগী, শিশু, বন্ধু অথবা সহকৰ্মীসকলৰ জীৱনৰ সৈতেও সংযুক্ত হৈ থাকে ৷ এটা আত্মহত্যাৰ ঘটনাই 135 গৰাকী ব্যক্তিৰ জীৱন প্ৰভাৱিত কৰে ৷ প্ৰতিবছৰে এইদৰে আত্মহত্যাৰ ফলত সমগ্ৰ বিশ্বত 108 মিলিয়ন লোকৰ জীৱন প্ৰভাৱিত হয় ৷ আত্মহত্যাকেন্দ্ৰিক প্ৰৱণতাই আত্মহত্যা, আত্মহত্যা কৰাৰ চিন্তা আৰু আত্মহত্যাৰ চেষ্টাক সামৰি লয় আৰু এটা আত্মহত্যাৰ ঘটনাৰ সৈতে 25গৰাকী ব্যক্তিৰ আত্মহত্যাৰ চেষ্টা আৰু আত্মহত্যাৰ চিন্তাৰ উন্মেষ ঘটায় ৷

বিগত 45 বৰ্ষত আত্মহত্যাৰ হাৰ 60 শতাংশ বৃদ্ধি পাইছে আৰু 15-44 বয়সৰ লোকৰ মৃত্যুৰ কাৰকৰ প্ৰথম তিনিটা কাৰকৰ ভিতৰত অন্যতম হৈছে আত্মহত্যা ৷ আত্মহত্যাৰ তুলনাত আত্মহত্যাৰ চেষ্টা এতিয়া 20 শতাংশ অধিক হাৰত পৰিলক্ষিত হৈছে ৷ সমগ্ৰ বিশ্বৰ মৃত্যুৰ কাৰকৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে, আত্মহত্যা হৈছে ইয়াৰ 15সংখ্যক অন্যতম কাৰক যিয়ে সমগ্ৰ বিশ্বৰ প্ৰতি 100,000 জনসংখ্যাৰ 1.4 শতাংশ লোকৰ মৃত্যুৰ কাৰণ আৰু ইয়াৰ হাৰ হৈছে 11.4 শতাংশ ৷

15ৰ পৰা 24 বছৰ বয়সৰ যুৱপ্ৰজন্মৰ মাজত আত্মহত্যাৰ হাৰ যুৱতীৰ বিপৰীতে যুৱকৰ ক্ষেত্ৰত অধিক দেখা যায় ৷ 2012ত সমগ্ৰ বিশ্বৰ আত্মহত্যাৰ ঘটনাৰ ভিতৰত 76 শতাংশই কম আৰু মধ্য আয়ৰ দেশত সংঘটিত হোৱাৰ লগতে ইয়াৰ ভিতৰত 39 শতাংশই দক্ষিণ-পূৱ এছিয়াত সংঘটিত হৈছিল ৷ বিশ্ব স্বাস্থ্যৰ সংস্থাৰ সদস্যভুক্ত 25খন দেশত এতিয়াও আত্মহত্যাক এক অপৰাধ হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও 20 খন দেশত আত্মহত্যাৰ চেষ্টা চলালে ইয়াৰ শাস্তি হিচাপে জেললৈ পঠিওৱা হয় ৷

আত্মহত্যা হৈছে আনুবংশিক, মানসিক, সামাজিক, সাংস্কৃতিক তথা ট্ৰুমা আৰু লোকচানৰ এক প্ৰধান ফলাফল ৷ আত্মহত্যাৰ ফলত মৃত্যুবৰণ কৰা অধিকসংখ্যক লোকৰে প্ৰধান মানসিক কাৰণ হৈছে হতাশগ্ৰস্ততা ৷ আত্মহত্যাৰ ফলত পৰিয়ালৰ লোক অথবা বন্ধুসকলেও অধিক পৰিমানে প্ৰভাৱিত হোৱা দেখা যায় আৰু ইয়াৰ সামাজিক লোকচানো অধিক হয় ৷ সাধাৰণতে অধিক পৰিমানে নিসংগতা আৰু মানসিক অৱস্থাৰ পৰিৱৰ্তন তথা অত্যধিক দুখে আত্মহত্যাৰ প্ৰৱনতা গঢ় লৈ উঠাত অধিক সহায় কৰে ৷ ইয়াৰ উপৰিও টোপনি খতি, বন্ধুৰ পৰা আঁতৰি অহা, পৰিয়ালৰ পৰা আঁতৰি অহা আৰু হঠাতে শান্ত হৈ পৰা কাৰকসমূহেও এগৰাকী ব্যক্তিৰ মনত আত্মহত্যাৰ প্ৰৱণতা গঢ় লৈ উঠাত সহায় কৰে ৷ নিজক নিজে আঘাত কৰা, ড্ৰাগছ আৰু সুৰাপান কৰা তথা অসংলগ্নভাৱে গাড়ীচালনা কৰা আদি কাৰকৰ ফলতো আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে ৷

আত্মহত্যাৰ ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বহুটো প্ৰত্যাহ্বান দেখা যায় ৷ উৎসৰ অভাৱ, অকাৰ্যকৰী সহযোগিতা, নিৰীক্ষণকাৰী তথ্যৰ অভাৱ, আদৰ্শগত কাৰ্যনীতি, ব্যক্তিকেন্দ্ৰিক আৰু গাঁথনিকেন্দ্ৰিক পৰীক্ষণৰ অভাৱ আদিয়ে আত্মহত্যাৰ ঘটনা ৰোধ কৰাত বহুখিনি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৷ 2014ৰ পৰাই বিশ্ব স্বাস্থ্য সংস্থাই আত্মহত্যা প্ৰতিৰোধী বিশ্বায়ন প্ৰতিবেদন প্ৰকাশ কৰি আহিছে আৰু ইয়াৰ দ্বাৰাই আত্মহত্যা প্ৰতিৰোধৰ বাবে বহুলভাৱে কাম কৰি আছে ৷ এইক্ষেত্ৰত ভূটান, গুৱানা, চুৰিনাম আদি দেশত সংস্থাই বহুখিনি সফল হৈছে ৷ স্কটলেণ্ড, ইংলেণ্ড, আয়াৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহে আত্মহত্যা প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ উপৰিও নিজাৱবীয়াকৈয়ো কাম কৰি আছে ৷

প্ৰতিটো আত্মহত্যাই এক ব্যক্তিগত ট্ৰেজেডী যদিও ইয়ে নাটকীয়ভাৱে ব্যক্তিৰ পৰা সমূহলৈ প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে অনাকাংক্ষিত সময়তে এটা জীৱন ধ্বংস কৰি পেলায় ৷ প্ৰতিবছৰে আমাৰ দেশত 100,000ৰো অধিক লোকে আত্মহত্যা কৰে ৷ পেচাগত নাইবা কেৰিয়াৰ, একাকীত্ব, উপলুঙা, হিংসা, পৰিয়ালকেন্দ্ৰিক সমস্যা, মানসিক অৱনতি, সুৰাৰ প্ৰতি আসক্তি আদি কাৰকৰ ফলতেই আমাৰ দেশত বেছিসংখ্যক আত্মহত্যাৰ ঘটনা সংঘটিত হয় ৷

ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা ব্যুৰোই প্ৰকাশ কৰা অনুসৰি, 2019ত আমাৰ দেশত 1,39,123 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল যিটো 2018ৰ তুলনাত 3.4 শতাংশ অধিক আছিল আৰু আত্মহত্যাৰ হাৰ 0.2 শতাংশৰে বৃদ্ধি হৈছিল ৷ ভাৰতবৰ্ষত 2015ত 1,33,623টা (10.6 শতাংশ), 2016ত 1,31,008টা (10.3শতাংশ), 2017ত 1,29,887টা (9.9 শতাংশ), 2018ত 1,34,516টা (10.2 শতাংশ) আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ 2019ত প্ৰতিদিনে 381গৰাকী ব্যক্তিয়ে আমাৰ দেশত আত্মহত্যা কৰিছিল ৷ এইসমূহ আত্মহত্যাৰ ঘটনাৰ কাৰকৰ ভিতৰত 32.4 শতাংশ পৰিয়ালকেন্দ্ৰিক কাৰক, 5.5 শতাংশ বিবাহকেন্দ্ৰিক কাৰক, 17.1 শতাংশ অসুস্থতা কাৰক আছিল আৰু মহিলাৰ 29.8 শতাংশৰ তুলনাত পুৰুষৰ আত্মহত্যাৰ হাৰ (70.2 শতাংশ) অধিক আছিল ৷ মহাৰাষ্ট্ৰ, তামিলনাডু, মধ্য প্ৰদেশ, পশ্চিমবংগ আৰু কৰ্নাটক সৰ্বাধিকসংখ্যক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ 2019ত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিতৰত 53.6 শতাংশ ফাচী লগাই, 25.8 শতাংশ বিষপান কৰি, 5.2 শতাংশ পানীত জপিয়াই আৰু 3.8 শতাংশ নিজকে জুই লগাই সংঘটিত হৈছিল ৷

আত্মহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত গোষ্ঠীসমূহে অধিক স্বচ্ছলৰূপত কাম কৰিব পাৰে ৷ পৰিয়াল, বন্ধু, সহকৰ্মী, প্ৰতিৱেশী আৰু বিভিন্ন কৰ্মদলে আত্মহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক সক্ৰিয়তাৰে কাম কৰিব পাৰে ৷

চলিত বৰ্ষত সকলোৱে একেলগে কাম কৰি আত্মহত্যা প্ৰতিৰোধ কৰাৰ নীতিৰে আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হৈছে ৷ আজিৰ এই আত্মহত্যা প্ৰতিৰোধ দিৱসৰ দিনাই আমি প্ৰত্যেকেই প্ৰত্যেকৰ বাবে মাত্ৰ একমিনিট সময় উলিয়াই এগৰাকী সম্পূৰ্ণৰূপে অচিনাকী, পৰিয়াল অথবা বন্ধুৰ সৈতে বাৰ্তালাপৰ সংকল্প গ্ৰহণ কৰাৰ সময় আহি পৰিছে ৷ আত্মহত্যা বৰ্তমান সময়ৰ এক অন্যতম সামাজিক ব্যাধি আৰু সমাজৰ বাবে এক অভিশাপ ৷ বৰ্তমান এই মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বই নিজৰ অৱস্থাৰ সৈতে যুঁজি আছে আৰু ইয়াৰ মাজতেই সমাজত এক বহল ৰূপত পৰিৱৰ্তন সাধন হোৱা পৰিলক্ষিত হৈছে ৷ এনে অৱস্থাত বহুতেই নিজৰ সংস্থাপন হেৰুওৱাৰ লগতে বহুতেই মানসিকভাৱে দুৰ্বল হৈ পৰাও পৰিলক্ষিত হৈছে ৷ এই মহামাৰীৰ সময়ত বিশ্বৰ প্ৰতিটো প্ৰান্তত বাস কৰা সমাজৰ লোকসকলৰ অৱস্থাৰ পৰিৱৰ্তনে আমাৰ সকলোৰে মানসিক স্বাস্থ্যত কিছুপৰিমানে প্ৰভাৱ পেলাইছে ৷ এনে অৱস্থাত আমি নিজৰে প্ৰস্তুত কৰি তোলাৰ লগতে অচিনাকীজনৰ সৈতে তথা নিজৰ আপোনজনৰ সৈতেও অধিক সময় প্ৰদান কৰি নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবৰ সময় আহি পৰিছে ৷ আজিৰ সময়ৰ আহ্বান আমি যেতিয়াই নিজকে কোনো বিৰূপ অৱস্থাত পৰা উপলদ্ধি কৰো তেতিয়াই আমাৰ মানসিক স্বাস্থ্যক অধিক শক্তিশালী ৰূপে গঢ় দি আত্মহত্যাৰ দৰে সামাজিক ব্যাধিৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈ পৰিম ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.