ETV Bharat / bharat

আজি বিশ্ব সংস্কৃত দিৱস - সংস্কৃত ভাষা

আজি বিশ্ব সংস্কৃত দিৱস ৷ বিশ্ব সংস্কৃত দিৱস উপলক্ষে আকাশবাণীয়ে পোন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ সংস্কৃত ভাষাত ‘‘বহুজন ভাষা-সংস্কৃত ভাষা’’ শীৰ্ষক সম্প্ৰচাৰ কৰিছে এক বিশেষ কাৰ্যসূচীৰ ৷

World Sanskrit Day: AIR to broadcast its first-ever programme in Sanskrit
বিশ্ব সংস্কৃত দিৱস: সংস্কৃত ভাষাত বিশেষ অনুূষ্ঠানৰ সম্প্ৰচাৰ আকাশবাণীৰ
author img

By

Published : Aug 3, 2020, 7:51 AM IST

নিউজ ডেস্ক, 3 আগষ্ট: অল ইণ্ডিয়া ৰেডিঅ’ অৰ্থাৎ আকাশবাণীয়ে সোমবাৰে বিশ্ব সংস্কৃত দিৱস উপলক্ষে পোনপ্ৰথমবাৰৰ বাবে সম্পূৰ্ণ সংস্কৃত ভাষাত সম্প্ৰচাৰ কৰিছে বিশেষ অনুূষ্ঠানৰ ৷

‘‘বহুজন ভাষা-সংস্কৃত ভাষা’’ শীৰ্ষক 20 মিনিটৰ এই কাৰ্যসূচীটো 100.1 FM চেনেল তথা আকাশবাণীৰ নিউজ লাইভ 24x7 FM চেনেলযোগে সম্প্ৰচাৰ কৰা হয় ৷

ইয়াৰোপৰি, www.newsonair.com, টুইটাৰ একাউণ্ট @airnewsalerts আৰু newsonairৰ অ’ফিচিয়েল ইউটিউব চেনেলতো এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হয় ৷

এক প্ৰতিবেদনত প্ৰকাশিত অনুসৰি,সংস্কৃত ভাষাৰ ‘Priyamanasam’ আৰু ‘PunyaKoti’ৰ মূল বিষয়বস্তু আৰু বিশ্বৰ একমাত্ৰ সংস্কৃত দৈনিক বাতৰি কাকত ‘Sudharma’ৰ সম্পাদকৰ সৈতে সাক্ষাৎকাৰ কৰা হয় ৷

আনহাতে, এক বিশেষ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ড৹ ৰমেশ পোখৰিয়াল নিশাংকে সংস্কৃত ভাষাৰ মহত্ব সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.