ETV Bharat / bharat

বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক পৰাজিত কৰিব পৰা যাব: হৰ্ষ বৰ্ধন

author img

By

Published : Jan 27, 2021, 8:14 AM IST

2020 বৰ্ষটো বিজ্ঞানৰ বছৰ আছিল কিয়নো বিশ্বৰ সকলো বিজ্ঞানীয়ে গৱেষণা কৰাত ব্যস্ত হৈ পৰিছিল ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণ কৰাত ৷ ক’ৰণা মহামাৰী সময়তে মানুহৰ মানৱীয়তাও দেখা পোৱা গৈছিল মানৱ জাতিক সহায় কৰা আৰু ৰক্ষা কৰিবৰ বাবে সকলো ওলাই অহা দেখা পোৱা গৈছিল যিয়ে মানৱ সমাজক এক অনন্য অভিজ্ঞতা প্ৰদান কৰি গ’ল ৷ এই দৰে মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷

বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক পৰাজিত কৰিব পৰা যাব: হৰ্ষ বৰ্ধন
বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক পৰাজিত কৰিব পৰা যাব: হৰ্ষ বৰ্ধন

নিউজ ডেস্ক,27 জানুৱাৰীঃ মঙলবাৰে কৃন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে সদৰি কৰে যে,মহামাৰী ক’ভিড-19 য়ে সৃষ্টি কৰা ভয়াৱহতা নিৰ্মূল কৰিব পৰা যাব যেতিয়া বিশ্ববাসীয়ে সামূহিক আৰু সক্ৰিয় ভাবে ক’ৰণাক পৰাজিত কৰিবলৈ ৰণকৌশল তৈয়াৰ কৰিব ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ 148 তম ভাৰ্চুৱেল এখন বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ক’ৰণা মহামাৰীৰ সময়ত প্ৰতিখন ৰাষ্ট্ৰই সম্মুখীন হোৱা সমস্যা সমূহৰ বাবে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয় ৷ লগতে তেওঁ কয় যে,এই মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰা ইমান সহজ সাধ্য নাছিল ৷ কিয়নো ক’ৰণাক প্ৰতিৰোধ কৰাত প্ৰথম অৱস্থাত বিজ্ঞানেও যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল যদিও শেহতীয়া ভাবে সকলো ৰাষ্ট্ৰৰ সহযোগিতাত ইয়াক প্ৰতিৰোধ কৰাত বা পৰাস্ত কৰিব পৰা পথত আছে বুলি কয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷

লগতে মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, 2020 বৰ্ষটো বিজ্ঞানৰ বছৰ আছিল কিয়নো বিশ্বৰ সকলো বিজ্ঞানীয়ে গৱেষণা কৰাত ব্যস্ত হৈ পৰিছিল ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণ কৰাত ৷ লগতে তেওঁ কয় যে,ক’ৰণা মহামাৰী সময়তে মানুহৰ মানৱীয়তাও দেখা পোৱা গৈছিল মানব জাতিক সহায় কৰা আৰু ৰক্ষা কৰিবৰ বাবে সকলো ওলাই অহা দেখা পোৱা গৈছিল যিয়ে মানৱ সমাজক এক অনন্য অভিজ্ঞতা প্ৰদান কৰি গ’ল ৷ একেদৰে হৰ্ষ বৰ্ধনে উল্লেখ কৰে যে,এতিয়াও আমি সকলো একত্ৰিত হৈ বিশ্ববাসীয়ে ইয়াক নিৰ্মূল কৰিবলৈ আগবাঢ়িছো আনাগত দিনটো সকলো ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগিব ৷ এতিয়াই আমাৰ দায়িত্ব শেষ হোৱা নাই যেতিয়া লৈকে ক’ৰণাক সম্পূণ ভাৱে নিৰ্মূল কৰিব নোৱাৰো ৷

লগতে পঢ়কঃ গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.