ETV Bharat / bharat

বিশ্ব বন্ধুত্ব দিৱসঃ মাথো এটা তাৰিখ নে সঁচা বন্ধুত্ব উদযা্পন ! - world friendship day

আজি বিশ্বজুৰি উদযাপিত হৈছে বন্ধুত্ব দিৱস ৷ আগষ্ট মাহৰ প্ৰথম দেওবাৰটোত পালন কৰা হয় এই দিৱস ৷

বিশ্ব বন্ধুত্ব দিৱস : মাথো এটা তাৰিখ নে সচা বন্ধুত্বৰ উদযা্পন ?
author img

By

Published : Aug 4, 2019, 1:56 PM IST

Updated : Aug 4, 2019, 7:05 PM IST

নেচনেল ডেক্স, 4 আগষ্ট : মানুহে কয় বন্ধুত্ব এনে এক বান্ধোন যাৰ কোনো শেষ নাথাকে কিয়নো "বন্ধুত্ব" কেৱল এটা শব্দই নহয় ই এক অনুভৱ, এক পাৰস্পৰিক বান্ধোন, কিন্তু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ বন্ধু-বৰ্গৰ লগত বন্ধুত্ব উদযাপনৰ বাবে এটা বিশেষ দিনৰ কিয় প্ৰয়োজন ৷

বন্ধুত্ব দিৱসৰ ইতিহাস বহু পুৰণি ৷ ইয়াৰ আৰম্ভণি হৈছিল 1958 চনতেই, তেতিয়াৰ পৰাই এই বন্ধুত্ব নামৰ মধুৰ অনুভৱক এটা বিশেষ দিন ধাৰ্য কৰি উদযা্পন কৰি অহা হৈছে ৷ চিনেমা, ছ'চিয়েল মিডিয়া আৰু কেৰিয়াৰৰ উচ্চাকাংক্ষাই সময়ৰ লগে লগে "বন্ধুত্বৰ" সংজ্ঞা সলনি কৰি পেলাইছে ৷ গতিশীল সময়ে এজন ব্যক্তিৰ বন্ধুত্বক চোৱাৰ যি দৃষ্টিভংগী তাতো প্ৰভাৱ পেলাইছে ৷ একে সময়তে বন্ধুত্বৰ বান্ধোন চিৰস্থায়ী যদিও, বন্ধুত্বৰ নামত এটা দিনে সম্পৰ্কটো অধিক শক্তিশালী কৰে বুলিও বহুতে নিজৰ মত পোষণ কৰে আৰু কিছুমানৰ বাবে এই দিনটোৰ মহত্বও আন সাধাৰণ দিনবোৰৰ দৰেই ৷

নতুন দিল্লীৰ 28 বৰ্ষীয় কবি তনয় কুমাৰৰ মতে "যদি বন্ধুত্বৰ অনুভৱবোৰ উদযা্পনৰ বাবে এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন আহি পৰে তেন্তে ই হৈ পৰে গণনা কৰি পৰা সংখ্যাৰ দৰে ৷ " দিলৱালে দুলহনীয়া লে জায়েংগে" চিনেমা খনৰ উদাহৰণেৰে তেওঁ বন্ধুত্বক বাখ্যা কৰি কয় যে, বন্ধুত্বৰ সংজ্ঞা সকলোৰে বাবে বেলেগ যেনে চিনেমাখনত ছিমৰণৰ বাবে যদি নিজৰ মাক প্ৰকৃত বন্ধু তেন্তে ৰাজৰ প্ৰিয় বন্ধু তেওঁৰ পিতৃ ৷ "বন্ধুক বেয়া পথত যাবলৈ বাধা দিয়াটোৱেই হৈছে এজন প্ৰকৃত বন্ধুৰ কৰ্তব্য" বুলি ছবিখনত উল্লেখ কৰিছিল পিতৃয়ে ৷

লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থী সাখী ৰাৱন্তে বন্ধুত্বৰ দিনটোক "সচা বন্ধুত্ব উদযা্পনৰ প্ৰতীক" হিচাপে অনুভৱ কৰে ৷ তেওঁৰ মতে মানুহ এজন এটা নিৰ্দিষ্ট দিনত জন্মগ্ৰহণ কৰে কিন্তু প্ৰত্যেক দিনাই জীয়াই থাকে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মানুহে সকলো দিনতে নিজৰ জন্মদিন উদযা্পন কৰিব ৷"

"মাতৃ দিৱস, পিতৃ দিৱসৰ দৰেই বন্ধুত্ব দিৱসেও বন্ধুত্বক এটা পূৰ্ণতা প্ৰদান কৰে " তেওঁ কয় ৷

নয়দাৰ এটা প্ৰতিষ্ঠানৰ প্ৰৱক্তা অন্যা ঠাকুৰৰ মতে বন্ধুত্বৰ বাবে এটা নিদিষ্ট দিনৰ প্ৰয়োজন নাই কিন্তু উদযা্পনৰ বাবে নিশ্চয়কৈ আছে ৷ কিন্তু যদি সকলোৱে এটা দিনতেই বন্ধুত্ব উদযা্পনৰ বাবে সন্মত তেন্তে তেওঁৰ কোনো আপত্তি নাই ৷" আমি সকলোৱে প্ৰত্যেকটো দিন বিভিন্ন কামত ব্যস্ত থাকোতে আমি নিজৰ বন্ধুক সময় দিবলৈ পাহৰি গৈছো, সেইবাবে উদযা্পনৰ বাবে এটা দিনৰ প্ৰয়োজন নথকা নহয় ৷"

আজি বন্ধুত্ব দিৱস উপলক্ষে বন্ধুত্বৰ বেণ্ড, টি-চাৰ্ট আদি বিভিন্ন সামগ্ৰীৰে বজাৰ ভৰি পৰিছে ৷ গধুলিৰ পৰাই বন্ধুত্ব দিৱস উদযা্পনৰ বাবে ৰেষ্টোৰা-পাব সমূহত ভিৰ কৰিবহি ডেকা-গাভৰু সকলে কিন্তু মানুহৰ দিনক দিনে বাহি অহা ভোগবাদী-বস্তুবাদী মনোভাৱ আৰু চিঠিৰ সলনি হোৱাট্ছ এপৰ আগ্ৰাসনৰ যুগত আৱেগ সম্বলিত বন্ধুত্ব কিমান দিনলৈকে থাকিব তাৰ উত্তৰ আমাক সময়েহে দিব পাৰিব ৷ যি হওঁক যদি বন্ধুত্বৰ অনুভৱ সঁচা আৰু চৰ্ত-বিহীন হয় তেন্তে ইয়াৰ উদযা্পনৰ নামত এটা দিন উৎসৰ্গা কৰাত কোনো ক্ৰুতি নাই ৷

ইটিভি ভাৰতৰ পৰিয়ালৰ ফালৰ পৰাও আমি সকলোকে বন্ধুত্ব দিৱসৰ শুভেচ্ছা যাঁচিলো ৷

Intro:Body:

friendship day

Conclusion:
Last Updated : Aug 4, 2019, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.