নেশ্বনেল ডেস্ক, 3 নৱেম্বৰ : চন্দ্ৰযান-2 ৰ ব্যৰ্থতাৰ পাছত দ্বিতীয়বাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ অংশত বিক্ৰম লেণ্ডাৰ অৱতৰণৰ প্ৰচেষ্টাত অৱতীৰ্ণ হোৱাৰ কথা ব্যক্ত কৰে ইছৰোৰ (ISRO) অধ্যক্ষ কে. শিৱনে ৷ আইআইটি-দিল্লীৰ 50 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে, "আমি বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ প্ৰযুক্তিক প্ৰদৰ্শন কৰিব বিছাৰো ৷ আমি বিক্ৰম লেণ্ডাৰক কেনেদৰে অৱতৰণ কৰিব পাৰি ইয়াৰ ওপৰত কাম কৰি আছো ৷"
উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে চন্দ্ৰযান-2 ব্যৰ্থ হৈছিল ৷ চন্দ্ৰযান-2 য়ে সফলতা অৰ্জন কৰা হ'লে চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা চতুৰ্থখন দেশত পৰিণত হ'লহেঁতেন ভাৰত ৷ বিক্ৰম লেণ্ডাৰৰ উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি 6 চকাযুক্ত ৰ'ভাৰ 'প্ৰজ্ঞান'ক স্থাপন কৰা ৷ প্ৰজ্ঞান ভাৰতৰ প্ৰথম ৰ'ভাৰ যি চন্দ্ৰপৃষ্ঠত এটা চন্দ্ৰদিন(পৃথিৱীত 18 দিন) প্ৰদৰ্শন কৰিছিল ৷