ETV Bharat / bharat

ফুটবলাৰ ঐনাম বেম বেম দেৱীৰ কথাৰে - বেম বেম দেৱী

ফুটবল খেলৰ জৰিয়তে বিশ্ববাসীৰ মাজত জিলিকি উঠা মণিপুৰৰ ঐনাম বেম বেম দেৱীৰ কথাৰে .....

Oinum Bembem Devi
ফুটবলাৰ ঐনাম বেম বেম দেৱী
author img

By

Published : Mar 4, 2020, 9:44 AM IST

নিউজ ডেস্ক,4 মাৰ্চঃ এগৰাকী আন্তঃৰাষ্ট্ৰীয়ভাৱে সফল ফুটবলাৰ ৷ নিজৰ দক্ষতাৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ হ'বলৈ সক্ষম হোৱা মহিলা ফুটবলাৰ ঐনাম বেম বেম দেৱীক ,খেলজগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় পদ্ম সন্মান ৷ভাৰতীয় ফুটবল জগতত দুৰ্গা ৰূপে জনাজাত ঐনাম বেম বেম দেৱী ৷

Oinum Bembem Devi
ফুটবলাৰ ঐনাম বেম বেম দেৱী

ঐনাম বেম বেম দেৱী এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ ৷ 1980 চনৰ এপ্ৰিল মাহত মণিপুৰৰ ৰাজধানী ইম্ফলত জন্ম হৈছিল মহিলা ফুটবলাৰগৰাকীৰ ৷ তেওঁ আছিল ইণ্ডিয়ান ৱিমেন লীগৰ প্ৰথম মহিলা প্ৰৱন্ধক ৷ বৰ্তমান সময়ত তেওঁ মহিলা ফুটবলাৰ সকলৰ মাজত জাগৰণ সৃষ্টিৰ প্ৰয়াসত ব্ৰতী হৈ পৰিছে৷

Oinum Bembem Devi
ফুটবলাৰ ঐনাম বেম বেম দেৱী

1988 চনত তেওঁ এগৰাকী ফুটবলাৰ ৰূপত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু 1991 চনত 11 বছৰ বয়সত 13 বছৰ অনুৰ্ধৰ ফুটবল খেলত জুনিয়ৰ শাখাত মণিপুৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল ৷

Oinum Bembem Devi
ফুটবলাৰ ঐনাম বেম বেম দেৱী

1993 চনত মণিপুৰ ৰাজ্যিক মহিলা ফুটবল দলত অন্তৰ্ভুক্ত হয় ৷ 13 বছৰ বয়সত ঐনাম বেম বেম দেৱীয়ে 32 সংখ্যক ৰাষ্ট্ৰীয় খেলত অন্ধপ্ৰদেশৰ হৈ প্ৰতিনিধিত্ব কৰে ৷ 15 বছৰ বয়সত 1995 চনত বেম বেমে অংশগ্ৰহণ কৰে এছিয়াৰ মহিলা চেম্পিয়নশ্বিপত ৷ গুৱামৰ বিৰুদ্ধে এখন খেলত অংশগ্ৰহণ কৰি প্ৰথমবাৰৰ সংযুক্ত হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল জগতত ৷ ভাৰতৰ হৈ বেম বেমে পৰিধান কৰে 6 সংখ্যাৰ জাৰ্চী ৷

ঐনাম বেম বেম দেৱীৰ সফলতাসমূহঃ

  • 2001 চনত AIFF মহিলা ফুটবলাৰ অফ দ্য ইয়েৰৰ সন্মান ৷
  • 13 বছৰৰ পিছত ,পুনৰ সেই বৰ্ষটোৰ বাবে মহিলা ফুটবলাৰ অফ দ্য ইয়েৰৰ সন্মান অৰ্জন ৷
  • 2017 চনত অৰ্জুন এৱাৰ্ডেৰে সন্মানিত ৷
  • 2020 বৰ্ষত পদ্মশ্ৰী এৱাৰ্ডৰ বাবে নিৰ্বাচিত ৷

লগতে পঢ়কঃ৫ মাৰ্চত মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলৰ মহাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.