নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা আই পি এছ বিষয়াক ৰাজ্যিক আই পি এছ এছ'চিয়েচন পৰিচালনাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ কেৰালা আই পি এছ সন্থাই আৰক্ষী মহানিৰ্দেশক আৰু ৰাজ্যিক অগ্নিনিৰ্বাপক শক্তি বিভাগৰ কমাণ্ডেণ্ট জেনেৰেল আৰ শ্ৰীলেখাক কেৰালা আই পি এছ এছ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে ৷ আই পি এছ সন্থাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰা হৈছে আৰক্ষী মহা পৰিদৰ্শক হৰ্ষিতা আতালাউৰিক ৷
অৱশ্যে ডিচেম্বৰত আৰ শ্ৰী লেখাই তেওঁৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত পুনৰ এক নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ উক্ত পদৰ বাবে ডিজিপি টমিন থাচানকাৰীৰ নাম প্ৰস্তাৱিত হৈছিল যদিও থাচানকাৰীয়ে শ্ৰীলেখাৰ নামহে উক্ত পদলৈ মনোনীত কৰে ৷ আই পি এছ এছ হৰি শংকৰ সন্থাৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে ৷
লগতে পঢ়ক: মুঙ্গেৰ কাণ্ডঃ পোহৰলৈ আহিছে নতুন ভিডিঅ'