ETV Bharat / bharat

শ্ৰীনগৰ এনকাউণ্টাৰ: এগৰাকী মহিলা নিহত, আহত 3 নিৰাপত্তাৰক্ষী - গুলীয়াগুলী

শ্ৰীনগৰৰ বাটামালো এলেকাত পুৱতি নিশা প্ৰায় 2.30 বজাত সুৰক্ষা বাহিনী আৰু পাক সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী নিৰাপত্তাৰক্ষী বিষয়া আৰু দুগৰাকী চিআৰপিএফ জোৱান ৷ আহত জোৱান কেইগৰাকীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

Srinagar encounter
শ্ৰীনগৰ এনকাউণ্টাৰ
author img

By

Published : Sep 17, 2020, 8:45 AM IST

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে শ্ৰীনগৰৰ বাটামালো এলেকাত সুৰক্ষা বাহিনী আৰু পাক সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী নিৰাপত্তাৰক্ষী বিষয়া আৰু দুগৰাকী চিআৰপিএফ জোৱান ৷ ভাৰতীয় সেনা কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে ৷

সেনা কৰ্তৃপক্ষই জনোৱা মতে, পুৱতি নিশা প্ৰায় 2.30 বজাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পোৱাৰ পাচত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে ৷ সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাৰ পাচতে এই পৰিস্থিতি এনকাউণ্টাৰলৈ পৰিৱৰ্তিত হয় ৷

ইফালে, দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত অঞ্চলটোৰ কৌঞ্চাৰ ৰিয়াজ নামৰ এগৰাকী মহিলা নিহত হয় ৷ লগতে, এগৰাকী নিৰাপত্তাৰক্ষী বিষয়াসহ দুগৰাকী চিআৰপিএফ জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি সেনা সূত্ৰই জানিবলৈ দিয়ে ৷ আহত সুৰক্ষা জোৱান কেইগৰাকীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, যোৱা 30 আগষ্টত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা গুলীয়াগুলীত তিনিটা সন্ত্ৰাসবাদী আৰু এগৰাকী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নিহত হোৱাৰ পাচৰে পৰা এনকাউণ্টাৰ অব্যাহত আছে ৷

লগতে পঢ়ক: নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.