ETV Bharat / bharat

মাজৰাতি খাদ্য ৰান্ধি প্ৰবাসী শ্ৰমিকক প্ৰদান এগৰাকী মহিলা IPS বিষয়াৰ

এটা ফোন কলৰ ফোন কলৰপিচতে মাজৰাতি উঠি খাদ্য ৰান্ধি, অনাহাৰে থকা প্ৰবাসী শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে এগৰাকী IPS বিষয়াই ।

author img

By

Published : May 21, 2020, 10:32 PM IST

Woman IPS officer cooks food for migrant workers in Aandhra Pradesh

নেশ্যনেল ডেস্ক, ২১ মে': মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী IPS বিষয়াই । অনাহাৰে থকা প্ৰবাসী শ্ৰমিকৰ এটা ফোন কলৰ পিচতে মাজৰাতি উঠি খাদ্য ৰান্ধি বিতৰণ কৰিলে তেওঁলোকৰ মাজত ।

দিনটোৰ ব্য়স্ততাপূৰ্ণ কৰ্তব্য সম্পাদন কৰি, ঘৰলৈ উভতি অহাৰ পিচত জিৰণি লৈ থকা সময়তে বি. ৰাজা কুমাৰী নামৰ বিষয়া গৰাকীয়ে ফোন কলটো লাভ কৰে ।

কোনো কোনো লোকে সেই শ্ৰমিক সকলক পাউৰুটি প্ৰদান কৰিছিল যদিও, সেইয়াই তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয় বুলি ভাবি নিজেই খাদ্য ৰান্ধি শ্ৰমিক সকলৰ মাজত যোগান ধৰে বিষয়া গৰাকীয়ে ।

ভিজিনগৰমৰ নিবাসী মমতাৰ স্বামী আৰু আৰু কেইগৰাকীমান লোকে নেল্লোৰৰ পৰা প্ৰায় ৭০০ কি.মি নিলগলৈ খোজকাঢ়ি যায়, য'ত তেওঁলোকে নিৰ্মাণ শ্ৰমিক হিচাপে কৰ্তব্যৰত আছিল ।

COVID-19ৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত তেওঁলোকে কাম এৰি হতাশাৰে খোজকাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিছিল । মঙলবাৰে খাদ্য নোখোৱাৰ ফলত তেওঁলোক দুৰ্বল আৰু ভাগৰুৱা হৈ পৰিছিল ।

মমতা নামৰ মহিলাগৰাকীয়ে বিষয়াগৰাকীক ফোন কৰি জনাই যে, তেওঁলোকক চহৰৰ পৰা প্ৰায় ২৫ কি.মি নিলগত এটা চেক পোষ্টত ৰখাই থোৱা হৈছে আৰু তেওঁলোক সকলো ভোকে পিয়াহে চটফটাই আছে । যেতিয়া বিষয়া গৰাকীয়ে মাজৰাতি 1.30 বজাত খাদ্য ৰান্ধি সেই স্থনালৈ লৈ যায়, তেতিয়ালৈ তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱা হৈছিল ।

নিৰ্বিঘ্নে ৰাজা কুমাৰীয়ে চৰকাৰৰ দ্বাৰা স্থাৰপিত সেই কোৱাৰেণ্টাইল শিবিৰলৈ গৈ তেওঁলোকক খাদ্য প্ৰদান কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.