ফতেহপুৰ, (উত্তৰ প্ৰদেশ) ৩ চেপ্তেম্বৰঃ ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত এটা মাটিৰ ঘৰ ভাঙি যোৱাৰ ফলত এগৰাকী ২৭ বছৰীয়া মহিলাৰ লগতে মহিলাগৰাকীৰ কন্যাৰ মৃত্যু হয় । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ ফতেহপুৰ আৰক্ষীয়ে । এই ঘটনা সংঘটিত হয় ফতেহপুৰ জিলাৰ বিন্দকি গাঁৱত ।
![Woman, daughter killed as house collapses in Uttar Pradesh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:39:09:1599120549_up-fat-two-dead-two-injured-due-to-fall-house-pkg-7209052_03092020085742_0309f_1599103662_77.jpg)
বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় দুখজনক ঘটনাটো । ধাৰাষাৰ বৰষুণৰ ফলতে মাটিৰ ঘৰটো খহি পৰাত ঘৰটোৰ ভিতৰত থকা মহিলাগৰাকীৰ লগতে তেখেতৰ কন্যাৰ থিতাতে মৃত্যু ঘটে। এই ঘটনাত দুটি শিশুও আহত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে । আহত শিশু দুটিক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান শিশু দুটিৰ স্বাস্থ্যৰ অৱস্থা সন্তোষজনক বুলি জানিব পৰা গৈছে ।
মাটিৰ জৰাজীৰ্ণ ঘৰটোৰ ধ্বংসস্তূপৰ পৰা মৃতদেহ উদ্ধাৰৰ লগতে আহত শিশু দুটিক উদ্ধাৰৰ ক্ষেত্ৰত স্থানীয় লোকেও সহায় কৰে আৰক্ষীক ।