ETV Bharat / bharat

ভাৰতত কৰ’ণা ভাইৰাছত এদিনতে আক্ৰান্ত সৰ্বাধিক 56,282 গৰাকী

author img

By

Published : Aug 6, 2020, 12:46 PM IST

বিগত 24 ঘণ্টাত কোভিড-19 ত আক্ৰান্ত হৈ ভাৰতত মৃত্যুক আঁকোৱালি লৈছে 904 গৰাকী ব্যক্তিয়ে ৷ এই সংখ্যাই মৃতকৰ সংখ্যা 40,699 গৰাকীলৈ বৃদ্ধি কৰে ৷ বৰ্তমান সমগ্ৰ দেশত 5,95,501 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা প্ৰকাশ পাইছে, যি মুঠ আক্ৰান্তৰ প্ৰায় 30.31 শতাংশ ৷ সম্প্ৰতি কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ হাৰ 2.07 শতাংশলৈ নিম্নগামী হৈছে ৷ ভাৰতবৰ্ষত ধাৰাবাহিকভাৱে দ্ৰুতগতিত কৰ’ণাৰ সংক্ৰমণ ঘটাৰ বৃহস্পতিবাৰে অষ্টম দিন,য’ত একেৰাহে 50,000 নতুন ৰোগীক চিনাক্ত কৰা হৈছে ৷

With spike of 56,282 cases India's COVID 19 tally reaches 19,64,537 Etv bharat news
ভাৰতত কৰ’ণা ভাইৰাছত এদিনতে আক্ৰান্ত সৰ্বাধিক 56,282 গৰাকী

নতুন দিল্লী,6 আগষ্ট: দিনকদিনে হ্ৰাস পোৱাৰ পৰিৱৰ্তে দেশত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে দেশত কৰ’ণাত আক্ৰান্ত হৈছে সৰ্বাধিক 56,282 গৰাকী লোক ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 19,64,536 ৰ ঘৰ ৷ আক্ৰান্ত সকলৰ মাজৰ পৰা 13,28,336 গৰাকী ব্যক্তিয়ে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ যি হৈছে মুঠ আক্ৰান্তৰ প্ৰায় 67.62 শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

বিগত 24 ঘণ্টাত কোভিড-19 ত আক্ৰান্ত হৈ ভাৰতত মৃত্যুক আঁকোৱালি লৈছে 904 গৰাকী ব্যক্তিয়ে ৷ এই সংখ্যাই মৃতকৰ সংখ্যা 40,699 গৰাকীলৈ বৃদ্ধি কৰে ৷ বৰ্তমান সমগ্ৰ দেশত 5,95,501 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা প্ৰকাশ পাইছে, যি মুঠ আক্ৰান্তৰ প্ৰায় 30.31 শতাংশ ৷ সম্প্ৰতি কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ হাৰ 2.07 শতাংশলৈ নিম্নগামী হৈছে ৷ ভাৰতবৰ্ষত ধাৰাবাহিকভাৱে দ্ৰুতগতিত কৰ’ণাৰ সংক্ৰমণ ঘটাৰ বৃহস্পতিবাৰে অষ্টম দিন,য’ত একেৰাহে 50,000 নতুন ৰোগীক চিনাক্ত কৰা হৈছে ৷

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ আইচিএমআৰে প্ৰকাশ কৰা অনুসৰি,5 আগষ্টলৈকে দেশত কৰ’ণা ভাইৰাছৰ বাবে 2,21,49,351 গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে ৷ বুধবাৰৰ দিনটোতে 6,64,949 গৰাকী ব্যক্তিৰ কৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন হৈছে ৷

লগতে চাওকঃ ZyCoV-Dৰ প্ৰথম ক্লিনিকেল পৰীক্ষা সম্পন্ন ঘোষণা Zydus Cadilaৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.