নিউজ ডেস্ক,১১ জুলাই : যিসকলে প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে সেইসকলৰ নাম প্ৰকাশ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে কিহৰ বাবে ভয় কৰিছে ? এই প্ৰশ্নৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আক্ৰমণ কৰি তুলিলে পোনপটীয়া প্ৰশ্ন ।
ৰাহুল গান্ধীৰ দাবী Huawei, Xiaomi, TikTok আৰু OnePlus ৰ দৰে চীনৰ কোম্পানীৰ পৰা লোৱা ধনেৰে নৰেন্দ্ৰ মোদীয়ে মহামাৰী ক'ৰণাৰ লগত হোৱা যুঁজখন চলাই গৈছে । শনিবাৰে ৰাহুল গান্ধীয়ে এটা টুইটৰ জড়িয়তে এই অভিযোগ তুলি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰিলে পোনপটীয়া প্ৰশ্ন ।
![Why is Modi afraid of disclosing names of those who donated to PM Cares, asks Rahul Gandhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7987683_241_7987683_1594475626366.png)
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে এটা মেডিয়া ৰিপ'ৰ্টক টেগ কৰি উল্লেখ কৰে যে, প্ৰধান মন্ত্ৰী সাহায্য পুঁজিৰ পৰ্যালোচনা কৰাৰ বাবে সংসদীয় সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপক বিজেপি সাংসদ সকলে বাধা আৰোপ কৰিলে । ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ দলে বিচাৰিছে সাধাৰণ জনতাৰ পৰা প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ অহা এই ধনৰ সম্পূৰ্ণ নিৰীক্ষণ কৰা হওক ।
দিনৰ ভাগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ লগত হোৱা কংগ্ৰেছ সাংসদ সকলৰ আলোচনাৰ মজিয়াতো ৰাহুল গান্ধীয়ে এই প্ৰসংগ উত্থাপন কৰি প্ৰধান মন্ত্ৰী সাহায্য পুঁজিত জমা হোৱা ধনৰ হিচাবৰ লগতে ইয়াক পৰ্যালোচনাৰ আওঁতালৈ অনাৰ প্ৰসংগটো উল্লেখ কৰিছিল ।
লগতে পঢ়ক : বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কোভিড-19ত আক্ৰান্ত