নিউজ ডেস্ক, 29 জুন: 2019 লোকসভা নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত ভাৰতৰ জনসাধাৰণৰ দৃষ্টি এতিয়া এই বৰ্ষৰ পূৰ্ণাংগ বাজেটৰ ওপৰত৷ কৃষি, শিক্ষা, স্বাস্থ্য আদি খণ্ডবোৰৰ লগতে এইবাৰ প্ৰতিৰক্ষা খণ্ডৰ ক্ষেত্ৰত কি সমূহ গুৰুত্বপূৰ্ণ নীতি সংযোজন কৰা হব সেয়া লক্ষণীয় হ'ব৷
প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ কাৰ্যকালত প্ৰতিৰক্ষাৰ দিশটোত অধিক শক্তিশালী কৰিবলৈ বহুতো নতুন নতুন নীতিৰ সংযোজন ঘটাইছিল৷ সেয়েহে এইবাৰৰ বিত্তমন্ত্ৰী হৈ তেখেতে প্ৰতিৰক্ষা দিশটোত কিমান গুৰুত্ব দিব সেই বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈথাকিব ৷
![Etv Bharat Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3698181_defence.jpg)
লোকসভা নিৰ্বাচনৰ পূৰ্বে সদনত যিখন অন্তৱৰ্তী বাজেট উত্থাপন হৈছিল তাত প্ৰতিৰক্ষা ক্ষেত্ৰত মুঠ 3 লাখ কোটি টকা অনুমোদন জনোৱা হৈছিল, যিটো বিগত 3 বছৰৰ তুলনাত 6.96 শতাংশৰো অধিক৷
আনহাতে ভাৰতে অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত যি ৰাশি ব্যয় কৰে সেইয়া প্ৰয়োজনতকৈ বহু কম বুলি এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে ৷ বিশেষজ্ঞ সকলৰ মতে, আঁচনি নিৰ্মাতাসকলে প্ৰতিৰক্ষা ক্ষেত্ৰত কিছু নতুন পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক যিয়ে দেশৰ প্ৰতিৰক্ষা বিভাগটো অধিক শক্তিশালী কৰাৰ লগতে বিভাগটোৰ বাঢ়ি অহা সকলোবোৰ প্ৰয়োজন পূৰণ কৰিব পাৰে৷ প্ৰতিৰক্ষা খণ্ডৰ বিনিয়োগৰ সমান্তৰালকৈ ইয়াৰ নামত ব্যয় হোৱা ধনৰ উচিত ব্যৱহাৰো সমানে প্ৰয়োজনীয় ৷
সেয়েহে কেৱল এক বৃহৎ প্ৰতিৰক্ষা বল গঠনৰ ক্ষেত্ৰত ধন ব্যয় কৰায়ে যথেষ্ট নহয়, বৰঞ্চ এক শক্তিশালী সশস্ত্ৰ সেনা গঠনৰ ক্ষেত্ৰত সেই ধন সুচাৰুৰূপে ব্যয় কৰাত অধিক গুৰুত্ব দিয়াটোও নিতান্তই জৰুৰী৷