নিউজ ডেস্ক, ১৮ জুন : কোভিড-১৯ ৰ সন্ত্ৰাস চলি থকাৰ মাজতে চাহ উৎপাদনকাৰী সকলৰ বাবে সু-খবৰ । পশ্চিম বংগৰ চাহ বাগনৰ পৰা প্ৰতিদিনেই উৎপাদন বৃদ্ধি পাইছে । চাহ বাগান সমূহত বৃদ্ধি পোৱা পোক-পতংগৰ সমূহৰ বাবে চাহ বাগনৰ মালিক পক্ষ যথেষ্ট চিন্তিত হৈছিল । কিন্তু বৰ্তমান পোক-পতংগ কমি চাহৰ উৎপাদনে স্বাভাৱিকতে চাহ উৎপাদনকাৰীৰ লগতে মালিক পক্ষক উৎফুল্লিত কৰিছে ।

পশ্চিম বংগৰ আলিপুৰদুৱাৰ,জলপাইগুৰি,কোচ বিহাৰ আৰু উত্তৰ দিনাজপুৰ অঞ্চলৰ চাহ বাগানত পোক-পতংগৰ বাবে এক অনাকাংক্ষিত বিপদ নামি আহিছিল কিন্তু বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত উক্ত অঞ্চলত স্বাভাৱিকতে পুনৰ উৎপাদনৰ সংখ্যা বৃদ্ধি পাই আহিছে ।
সুকনা চাহ বাগানৰ পৰিচালক ভাস্কৰ চক্ৰৱৰ্তীৰ মতে,লোপৰ কেটৰিপিলৰ নামৰ পোকবিধে পশ্চিম বংগৰ চাহ বাগান সমূহত যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত পোকবিধে চাহ গছৰ উপৰ অংশত আক্ৰমণ কৰি চাহপাতৰ বিস্তৰ ক্ষতি সাধন কৰে ।
ভাৰতীয় চাহ বাগান কেন্দ্ৰ,কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ সহযোগত শীৰ্ষ কেন্দ্ৰ সমূহৰ দ্ধাৰা চাহ বাগান সমূহত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ আৰু উৎপাদন বৃদ্ধি সম্পৰ্কত বিশেষজ্ঞ সকলৰ দ্ধাৰা এখন কমিটি প্ৰস্তুত কৰা হৈছে ।
টী এচছিয়েচন অফ ইণ্ডিয়াৰ বিষয়া ৰাম অৱতাৰে জনাই যে, চাহ বাগান সমূহত পোকৰ সন্ত্ৰাস মাৰ্চ-এপ্লিল মাহত বৃদ্ধি পায় । কেতিয়াবা ছেপ্তেম্বৰ মাহতো এই আক্ৰমণ হোৱা দেখা যায় । যিহেতু বাগান সমূহত কীটনাশক দ্ৰব্য ব্যৱহাৰৰ কৰাৰ ক্ষেত্ৰত বাধা আছে গতিকে আমি জৈৱিক পদ্ধতিৰে পোক-পতংগ সমূহ ধংস কৰাৰ বিকল্প চিন্তা কৰিছো ।
লগতে পঢ়ক : গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ