নিউজ ডেস্ক, 17 আগষ্টঃ পশ্চিম বংগত বিগত 24 ঘণ্টাত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে 3,066 গৰাকী ব্যক্তি ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা 1,16,498 গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷ আনহাতে, বৰ্তমানে ৰাজ্যখনৰ 27,299 গৰাকী ব্যক্তিৰ দেহত এই মাৰাত্মক ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে, আৰোগ্য হৈ উঠিছে 86,771 গৰাকী ব্যক্তি ৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 2,428 গৰাকী লোকৰ ৷ তাৰোপৰি দেওবাৰৰ দিনটোত পশ্চিম বংগত 2,428 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে 51 গৰাকী লোকৰ ৷
উল্লেখ্য যে, ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে 63,489 গৰাকী ব্যক্তি ৷ আনহাতে মৃত্যু হৈছে 944 গৰাকী লোকে ৷
ভাৰতত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত হৈছে 25,89,682 গৰাকী লোক ৷ ইায়ৰ ভিতৰত 6,77,444 গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে, আৰোগ্য হৈ উঠিছে 18,62,258 গৰাকী লোক ৷ আনহাতে, মৃত্যু হৈছে 51,045 গৰাকী লোকৰ ৷