নিউজ ডেস্ক, ১ জুলাই : পশ্চিম বংগৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে পুনৰ ১৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ।
তথ্য অনুসৰি, ৰাজ্যখনৰ কলিকতাত ৭ গৰাকী, উত্তৰ পৰগনাত ৪ গৰাকী, হাওৰাত ২ গৰাকী আৰু জলপাইগুৰি আৰু দক্ষিণ পৰগনা অঞ্চলত ১ গৰাকী লোকে এই ভাইৰাছত মৃত্যু বৰণ কৰে ।
ৰাজ্যখনত অকল বুধবাৰে ৩৯৮ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভতিছে । লগতে উক্ত দিনা ৰাজ্যখনত ৯৫৫৮ গৰাকী লোকক কোভিড পৰীক্ষণ কৰা হৈছে ।
উল্লেখযোগ্য যে, বৰ্তমানলৈ ৰাজ্যখনত ৫৯৫৯ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : চিকিৎসক দিৱসত চিকিৎসৰ মনৰ অনুভৱ