নেচনেল ডেস্ক, 18 ডিচেম্বৰ: পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে মিচন-200 ৰ লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে 7 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনৰ বাবে পাঁচগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দুগৰাকী ৰাজ্যিক মন্ত্ৰী নিয়োগ কৰিছে ৷
এই কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী কেইগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন অংশত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উপৰিও তৃণমূল পৰ্যায়ৰ সকলো পৰিস্থিতিৰ বিস্তাৰিত প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ এই কামৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জল শক্তি গজেন্দ্ৰ সিঙ শেখাৱট, অৰ্জুন মুণ্ডা, মনসুখ মান্দাভিয়া, প্ৰহ্লাদ সিঙ পেটেল আৰু সঞ্জীৱ বাল্যানক নিযুক্তি দিয়া হৈছে ৷
উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী ড৹ নৰোত্তমকো অনাগত নিৰ্বাচনত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ দলটোৱে যাতে নিৰ্বাচনৰ পূৰ্বেই SWOT এনালাইচিচ কৰিব পাৰে, সেই উদ্দেশ্যে এই পৰ্যবেক্ষক সকলক নিয়োগ কৰা হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক নিশ্চয়তা বাকী আছে ৷
দলীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি গজেন্দ্ৰ সিঙ শেখাৱটে কলকাতাৰ লোকসভা আসনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে মুণ্ডাই পূৱ মিডনাপুৰ আৰু ঝৰগ্ৰাম অঞ্চল চোৱাচিতা কৰিব ৷ মান্দাভিয়াক হালদিয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু কেশৱ মৌৰ্যক হাওৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ জানিব পৰা মতে প্ৰহ্লাদ পেটেলক উত্তৰ বংগৰ অঞ্চলসমূহৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে মুৰ্চিদাবাদ আৰু নাডিয়াৰ দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে শ্বাহৰ মিচন-200 ক সফল ৰূপ দিয়াৰ বাবে বিজেপিয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰি দিছে ৷ 2019 ৰ লোকসভা নিৰ্বাচনত দলটোৱে 42 খন আসনৰ 18 খন লাভ কৰিছিল ৷ পূৰ্বে দলটোৱে পাঁচ গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছিল যদিও এইবাৰ বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দীতা কিছু কঠিন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এই সংখ্যা বঢ়োৱা পৰিলক্ষিত হৈছে ৷
সম্ভৱতঃ এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে বহুসংখ্যক কেন্দ্ৰীয় পৰ্যবেক্ষকত নিয়োগ কৰা হৈছে ৷ প্ৰত্যেক গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকে বিধান সভা সমষ্টি সমূহ পৰিদৰ্শন কৰি ৰাইজৰ মত গ্ৰহণ কৰিব আৰু এক প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ দুৱাৰে দুৱাৰে নিৰ্বাচনী প্ৰচাৰৰ কৌশল অৱলম্বন কৰি এইসকল কেন্দ্ৰীয় পৰ্যবেক্ষকে তেওঁলোকৰ প্ৰতিবেদন জে পি নাড্ডাক প্ৰদান কৰিব ৷
লগতে পঢ়ক:মিছন পশ্চিমবংগঃ চলিত সপ্তাহতে পশ্চিমবংগলৈ অমিত শ্বাহসহ কেইগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী