ETV Bharat / bharat

মুৰ্শ্বিদাবাদ হত্যাৰ গোচৰত এজনক আটক আৰক্ষীৰ

author img

By

Published : Oct 15, 2019, 4:16 PM IST

বিজয়া দশমীৰ দিনটোত আনন্দ উৎসৱ পালন কৰি থকাৰ সময়তে পশ্চিমবংগৰ মুৰ্শ্বিদাবাদ জিলাৰ জিয়াগঞ্জত সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ড ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবে অচিনাক্ত দুৰ্বৃত্তই খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই নিৰ্মমভাৱে হত্যা কৰিছিল এগৰাকী শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷

শিক্ষক বন্দুপ্ৰকাশ পাল আৰু তেওঁৰ পৰিয়াল

নিউজ ডেস্ক, 10 অক্টোবৰঃ বিজয়া দশমীৰ দিনটোতে পশ্চিমবংগৰ মুৰ্শ্বিদাবাদ জিলাত সংঘটিত হোৱা শিহৰণকাৰী হত্যাকাণ্ডত এজনক গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে ৷ অৱশেষত ঘটনাৰ সাতদিন পিচত মুৰ্শ্বিদাবাদ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উৎপল বেহাৰা নামৰ লোকজনক ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত উৎপল বেহাৰাই ৷

মুৰ্শ্বিদাবাদ আৰক্ষী অধীক্ষক মুকেশ কুমাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত বিগত 10 অক্টোবৰত দুজনকৈ লোকক আটক কৰিছিল যদিও সেয়া সন্দেহৰ ভিত্তিত আছিল ৷ উৎপল বেহাৰাক বৰ্তমানে আৰক্ষীয়ে জেৰা চলাই আছে আৰু জেৰাৰ অন্তত সমগ্ৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ বৰ্বৰঃ অন্তঃসত্বা পত্নী আৰু পুত্ৰৰ সৈতে হত্যা শিক্ষকক !

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে সৰুৰে পৰাই জড়িত হৈ আছিল শিক্ষক বন্দুপ্ৰকাশ পাল ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, আৰএছএছৰ সৈতে জড়িত থকাৰ বাবেই তেওঁক হত্যা কৰা হৈছিল ৷ খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই হত্যা কৰা হৈছিল শিক্ষক বন্ধুপ্ৰকাশ পাল, তেওঁৰ অন্তঃসত্বা পত্নী বিউটি পাল আৰু তেওঁলোকৰ ছবছৰীয়া পুত্ৰ অঙ্গন পালক ৷ জিয়াগঞ্জৰ আজিমগঞ্জ পৌৰসভাৰ 16 নং ৱাৰ্ডৰ কালিগঞ্জ অঞ্চলৰ বাসিন্দা আছিল হত্যাৰ বলি হোৱা লোককেইজন ৷ চোকা অস্ত্ৰৰে কাটি নৃংশসভাৱে হত্যা কৰা হৈছিল সাগৰদিঘিৰ গোঁসাইগ্ৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বন্ধুপ্ৰকাশ পালৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰক ৷

Intro:Body:

মুৰ্শিদাবাদ হত্যাৰ গোচৰত এজনক আটক আৰক্ষীৰ 

বিজয়া দশমীৰ দিনটোত আনন্দ উৎসৱ পালন কৰি থকাৰ সময়তে পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাৰ জিয়াগঞ্জত সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ড ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবে অচিনাক্ত দুৰ্বৃত্তই খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই নিৰ্মমভাৱে হত্যা কৰিছিল এগৰাকী শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷

নিউজ ডেস্ক, 10 অক্টোবৰঃ বিজয়া দশমীৰ দিনটোতে পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাত সংঘটিত হোৱা শিহৰণকাৰী হত্যাকাণ্ডত এজনক গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে ৷ অৱশেষত ঘটনাৰ সাতদিন পিচত মুৰ্শিদাবাদ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উৎপল বেহাৰা নামৰ লোকজনক ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত উৎপল বেহাৰাই ৷ 

মুৰ্শিদাবাদ আৰক্ষী অধীক্ষক মুকেশ কুমাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত বিগত 10 অক্টোবৰত দুজনকৈ লোকক আটক কৰিছিল যদিও সেয়া সন্দেহৰ ভিত্তিত আছিল ৷ উৎপল বেহাৰাক বৰ্তমানে আৰক্ষীয়ে জেৰা চলাই আছে আৰু জেৰাৰ অন্তত সমগ্ৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷ 

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে সৰুৰে পৰাই জড়িত হৈ আছিল শিক্ষক বন্দুপ্ৰকাশ পাল ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, আৰএছএছৰ সৈতে জড়িত থকাৰ বাবেই তেওঁক হত্যা কৰা হৈছিল ৷ খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই হত্যা কৰা হৈছিল শিক্ষক বন্ধুপ্ৰকাশ পাল, তেওঁৰ অন্তঃসত্বা পত্নী বিউটি পাল আৰু তেওঁলোকৰ ছবছৰীয়া পুত্ৰ অঙ্গন পালক ৷ জিয়াগঞ্জৰ আজিমগঞ্জ পৌৰসভাৰ 16 নং ৱাৰ্ডৰ কালিগঞ্জ অঞ্চলৰ বাসিন্দা আছিল হত্যাৰ বলি হোৱা লোককেইজন ৷ চোকা অস্ত্ৰৰে কাটি নৃংশসভাৱে হত্যা কৰা হৈছিল সাগৰদিঘিৰ গোঁসাইগ্ৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বন্ধুপ্ৰকাশ পালৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰক ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.