নিউজ ডেস্ক,30 জুলাইঃ পশ্চিম বংগৰ কংগ্ৰেছৰ সভাপতি সোমেন মিত্ৰাৰ 78 বছৰ বয়ষত স্বাস্থ্যৰ অৱনিত হৈ চিকিৎসালয়ত মৃত্যু হয় ৷ চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, নেতাজন পূৰ্বৰে পৰা বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ আছিল আৰু স্বাস্থ্যৰ অধিক অবনতি ঘটাত বৃহস্পতিবাৰে নিশা 1.30 বজাত তেঁও মৃত্যুক আকোঁৱালি লয় ৷
ইপিনে তেঁওক ক’ভিড-19 ৰ পৰীক্ষা কৰাত ফলাফল নিগেটিভ আহে বুলি চিকিৎসালয় কৃৰ্তৃপক্ষই সদৰি কৰে ৷ কংগ্ৰেছ নেতাজনৰ বৃক্ক আৰু বাধ্যক জনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ তেঁও কংগ্ৰেজ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মীৰ লগতে লোক সভালৈ নিৰ্বাচিত হৈছিল ৷ মৃত্যুৰ সময়ত তেঁও পত্নী আৰু পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷ নেতাগৰাকীৰ মৃত্যুত কংগ্ৰেছ দলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ অসমৰ বান : মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি