নেশ্যনেল ডেস্ক, 26 এপ্ৰিল : মনিপুৰৰ কামজং জিলাৰ কাচোং গাঁৱত প্ৰৱেশ কৰিবলৈ যোৱা আসাম ৰাইফলছ আৰু মনিপুৰ সুৰক্ষা বাহিনীৰ জোৱানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগা মহিলাই ৷ নগা মহিলাৰ প্ৰতিবাদত জোৱানসকলে ইম্ফললৈ ঘূৰি যাবলৈ বাধ্য হয় ৷ 'আমি শান্ত বিচাৰো, আমি কৰ'ণা ভাইৰাছ নিবিচাৰো' বুলি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷
সূত্ৰই প্ৰদান কৰা তথ্য় অনুসৰি, গভীৰ বৃষ্টিপাতৰ মাজতে শতাধিক নগা মহিলাৰ প্ৰতিবাদত আসাম ৰাইফলছ আৰু মনিপুৰ সুৰক্ষা বাহিনীৰ জোৱানে কাচোং গাঁৱত প্ৰৱেশ কৰিবলৈ যাত্ৰা কৰিছিল যদিও অৱশেষত ইম্ফললৈ ওভতি আহিব লগা হয় ৷
মনিপুৰৰ কামজোং জিলাৰ নুংচিত হাইবি নামৰ অঞ্চলত শতাধিক মহিলাই জোৰ সমদল উলিয়াই উচ্চ স্বৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷
মহিলাসকলে তেওঁলোকৰ গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰে জোৱানসকলক ৷ 25 এপ্ৰিলৰ সন্ধিয়া মনিপুৰ আৰক্ষী আৰু নাগৰিক সমাজৰ সদস্যৰ মাজত এক চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতো সংঘটিত হয় এই ঘটনা ৷ মনিপুৰৰ আৰক্ষী মহানিৰ্দেশক আই. কে. মুইভাৰ নেতৃত্বত মনিপুৰ আৰক্ষীৰ প্ৰতিনিধি আৰু বহুকেইটা সামাজিক সংগঠনৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল ৷