ETV Bharat / bharat

আমি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিমঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা - অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

ঐতিহাসিক অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কৰিবলৈ প্ৰস্তুত কৰা প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিবলৈ সাজু হৈছে প্ৰতিনিধি দল ৷ চৰকাৰৰ 14 জনীয়া প্ৰতিনিধি দলটোৰ অন্যতম সদস্য অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ৷

অসম চুক্তিৰ 6 নং দফা
প্ৰতিবেদন প্ৰস্তুত
author img

By

Published : Feb 13, 2020, 10:54 PM IST

নতুন দিল্লী,13 ফেব্ৰুৱাৰীঃ ঐতিহাসিক অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা সম্পৰ্কে প্ৰস্তুত কৰা প্ৰতিবেদনৰ সৈতে সাজু হৈ উঠিছে অসম চৰকাৰৰ 14 জনীয়া প্ৰতিনিধি দলটো ৷ দলটোৱে এই প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিব ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ৷ বিগত 10 ফেব্ৰুৱাৰীত এই প্ৰতিবেদন প্ৰস্তুত হৈ উঠা বুলি প্ৰকাশ কৰে পূৰ্বৰ ন্যায়াধীশ গৰাকীয়ে ৷

শৰ্মাই কয়,সমিতিখনৰ সকলো সদস্যই ইতিমধ্যে উক্ত প্ৰতিবেদনত স্বাক্ষৰ কৰিছে ৷ বিগত বৰ্ষৰ 15 জুলাইত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ে 14 জনীয়া প্ৰতিনিধি দলটো গঠন কৰে য’ত 1985 চনত স্বাক্ষৰিত কৰা হৈছিল ৷ এই দফাই সৰ্বসাধাৰণক সাংবিধানিক সুৰক্ষা প্ৰদানৰ উপৰিও আইনী আৰু প্ৰশাসনিক সুৰক্ষা সুনিশ্চিত কৰাত সহায় কৰিব ৷ 6 নং দফাত উল্লেখ আছে যে,"সাংবিধানিক,আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ লগতে অসমীয়া তথা খিলঞ্জীয়াৰ আটাইবোৰ সাংস্কৃতিক,সামাজিক আৰু ভাষাৰ পৰিচয় ৰক্ষা কৰাৰ লগতে সংৰক্ষণত সহায় কৰিব

বিপ্লৱ কুমাৰ শৰ্মাই চৰকাৰৰ দ্বাৰা দিয়া দায়িত্ব অনুসৰি খিলঞ্জীয়া আৰু অসমীয়াসকলক চিনাক্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ বাস্তৱিকতে,অসমৰ ছাত্ৰ সংগঠনসমূহৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহে 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ পূৰ্বে 6 নং দফা কাৰ্যকৰী কৰিবলৈ গুৰুত্ব আৰোপ কৰিছিল ৷ 6 নং দফাই বিদেশীৰ পৰা খিলঞ্জীয়া লোকসকল নিৰাপদে থকাৰ লগতে অধিকাৰসমূহ অটুট ৰখাত সহায়ক হ’ব বুলি আছুৱে বিশ্বাস কৰে ৷ পূৰ্বে সমিতিখনৰ বাবে অসমীয়াৰ সংজ্ঞা এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে থিয় দিছিল ৷ অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰি সাংবিধানিক সুৰক্ষা প্ৰদানৰ হকে অধিকাংশই 1951 বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ আগবঢ়াৰ কথা চিন্তা কৰিছিল ৷

অসমত ভিন্ন জনজাতি-উপ-জনজাতি থকাৰ কথা উল্লেখ কৰি শৰ্মাই কয়,অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাতো এক কঠোৰ প্ৰত্যাহ্বান আছিল ৷ সেয়ে কাৰ্যকালৰ সময়ত প্ৰতিনিধি দলটোৰ সদস্যসকলে কোকৰাঝাৰ,তেজপুৰ,যোৰহাট,ডিব্ৰুগড়,কাৰ্বি আংলং,ডিফু আৰু শিলচৰকে ধৰি সাতখন জিলাত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ মতামত সংগ্ৰহ কৰে ৷ লগতে উক্ত সময়ছোৱাত প্ৰায় 1200 প্ৰতিবেদন প্ৰস্তুত কৰে ৷ এই প্ৰতিবেদনে আগন্তুক সময়ত অসমীয়া তথা খিলঞ্জীয়া লোকসকলক সহায় কৰিব বুলি বিশ্বাস কৰে পূৰ্বৰ ন্যায়াধীশ গৰাকীয়ে ৷

লগতে চাওকঃবড়ো চুক্তিক লিপষ্টিকৰে তুলনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.