ETV Bharat / bharat

ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশ পশ্চিমবংগ চৰকাৰৰ

author img

By

Published : May 2, 2020, 11:40 AM IST

জৰুৰীকালীন সেৱাৰ সময়ত ৰোগীক পৰিচৰ্যাৰ অভাৱৰ বিষয়ে অভিযোগ লাভৰ পিচতে পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ স্বাস্থ্য়কেন্দ্ৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে । কোভিড-১৯ৰ লগতে লকডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ বাবে সাধাৰণ স্বাস্থ্য়সেৱা অব্যাহত ৰাখিবলৈ শুকুৰবাৰে এই নিৰ্দেশনা প্ৰদান কৰে পশ্চিমবংগৰ স্বাস্থ্য় বিভাগে ।

ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশ পশ্চিমবংগ চৰকাৰৰ
ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশ পশ্চিমবংগ চৰকাৰৰ

নিউজ ডেস্ক, ২ মে' : পশ্চিমবংগ চৰকাৰৰ স্বাস্থ্য বিভাগে শুকুৰবাৰে এক নিৰ্দেশনা জাৰী কৰি ৰাজ্যখনৰ ব্যক্তিগতখণ্ডৰ স্বাস্থ্যকেন্দ্ৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লকডাউন তথা কোভিড-১৯ৰ ফলত সাধাৰণ জনতাই সন্মুখীন হোৱা অসুবিধাৰ ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে ।

দৰাচলতে লকডাউনৰ সময়চোৱাত পশ্চিমবংগৰ স্বাস্থ্য় বিভাগে সাধাৰণ তথা জৰুৰীকালীন স্বাস্থ্যসেৱা বিষয়ক বহুটো অভিযোগ লাভ কৰে । কোভিড-১৯ৰ ফলত ৰাজ্যখনৰ বহুটো চিকিৎসালয়ে সাধাৰণ তথা জৰুৰীকালীন সেৱা প্ৰদানৰ পৰা দুৰত আছিল আৰু ইয়াৰ দুৰ্ভোগ ভূগিবলগীয়া হৈছিল সাধাৰণ জনতাই ।

আইচিএমআৰৰ নিৰ্দেশনা পালন কৰি, সুৰক্ষাৰ সকলো দিশ আগত ৰাখি এইদৰে ব্যক্তিগত স্বাস্থ্য়কেন্দ্ৰসমূহক স্বাস্থ্যসেৱা আগবঢ়াই নিবলৈ পুনৰ নিৰ্দেশনা জাৰী কৰে পশ্চিমবংগৰ স্বাস্থ্যবিভাগে । ৰাজ্যখনত ব্লাড ট্ৰানছফিউজন, ডায়েলাছিচ, কেমথেৰাপি, অৱষ্টেট্ৰিক কেয়াৰ, ইনষ্টিটিউশ্বনেল ডেলিভাৰী, ইমুনিশ্বেজন আদি স্বাস্থ্যসেৱাসমূহ লকডাউনৰ ফলত ব্যাহত হৈ পৰিছিলি । কোভিড-১৯ৰ ভয়ত এইসমূহ সেৱা একপ্ৰকাৰ বন্ধ কৰি দিয়াৰ নিছিনাই হৈছিল । কিন্তু ইতিমধ্যে লাভ কৰা অভিযোগৰ পিচতে তৎপৰ হৈ স্বাস্থ্য়বিভাগ । আনহাতে এই নিয়মাৱলী পালন নকৰিলে স্বাস্থ্যকেন্দ্ৰসমূহে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে ।

লগতে পঢ়কঃ কোভিড-১৯ৰ পিচত এইবাৰ এনকেফেলাইটিছ, বিহাৰত পুনৰ দুই শিশুৰ মৃত্যু, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ জৰুৰী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.