নিউজ ডেস্ক, ৩ এপ্ৰিলঃ দেশত এতিয়া লক্ ডাউন । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত ঘোষণা কৰা হৈছে লক্ ডাউনৰ । লক্ ডাউনৰ মাজতেই কিছু দিন পূৰ্বে কলকাতাৰ পুৰুলিয়া জিলাৰ পৰা আহিছিল এটা আচৰিত খবৰ । খবৰটো আছিল ৫ জনীয়া বহিঃৰাজ্যৰ শ্ৰমিক যুৱকে কোৱাৰেণ্টাইন হৈ আছে গছৰ ওপৰত । এই ঘটনাৰ চৰ্চা মাৰ নৌযাওতেই পুনৰ কলকাতাৰ পৰাই পোহৰলৈ আহিছে আন এটা ব্যতিক্ৰমী কোৱাৰেণ্টাইনৰ খবৰ ।
এইবাৰ গছ অথবা পাহাৰ পৰ্বতত নহয়, এজন বৃদ্ধ ব্যক্তিয়ে জনবসতি পূৰ্ণ অঞ্চলৰ পৰা আঁতৰি আহি এখন নাৱত বিচাৰি উলিয়াইছে কোৱাৰেণ্টাইনৰ ঠাই ।
দৰাচলতে, নাদিয়া জিলাৰ নৱদ্বীপৰ নিৱাসী নিৰঞ্জন হালডাৰ পেচাত এগৰাকী ভক্তিমূলক গীত গাই ফুৰা গায়ক । এই বৃত্তিৰ ফলতেই ভিন্ন ৰাজ্যলৈ গান গাবলৈ যায় লোকজন । দেওবাৰেও প্ৰত্যক দিনৰ দৰে গান গাবলৈ ওলাই গৈ পাইছিল মালদালৈ । কিন্তু লক্ ডাউন তথা যাতায়ত ব্যৱস্থা বন্ধ থকাৰ বাবে বাহিৰলৈ ক'তো উলাই যাব পৰা নাছিল লোকজন । যাৰ বাবে সমস্যাত পৰিছিল নিৰঞ্জন । ক'লেই যাব, কেনেকৈ যাব ।
ভাৱি চিন্তি পিচত মালদাৰ হাবিবপুৰৰ ডোবাপাৰাত থকা আত্মীয়ৰ ঘৰত যোৱাৰ সিদ্ধান্ত কৰ লৈছিল নিৰঞ্জনে । কিন্তু যেতিয়াই নিৰঞ্জন উপস্থিত হ'ল আত্মীয়ৰ ঘৰত তেতিয়াই শংকিত হৈ পৰিল গাঁওবাসী । কাৰণ ইতিমধ্য়ে গাঁৱত বিৰাজমান কৰ'ণাৰ আতংক ।
নিৰঞ্জন যিহেতু বাহিৰৰ পৰা আহিছে তথা গান গাই ফুৰিছে কিমান মানুহৰ সংস্পৰ্শ লৈ আহিছো কোনেও জ্ঞাত নহয় । গতিকে গাঁওবাসীয়ে নিৰঞ্জনক মালাদা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।
চিকিৎসকে নিৰঞ্জনক পৰীক্ষা নিৰীক্ষা কৰাৰ পাচত একো নাপাই যদিও চৌদিশে ঘূৰি ফুৰা বাবে চৈধ দিনলৈ কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে । ইয়াৰ পাচতেই সৃষ্টি হয় আন এক সমস্য়াৰ । কাৰণ নিৰঞ্জনৰ আত্মীয়জনৰ ঘৰত পাঁচজন সদস্য । সেয়েহে ঘৰত কোৱাৰেণ্টাইনৰ বাবে ব্যৱস্থা কৰা অসম্ভৱ ।
ইয়াৰ পাচতেই বহু চিন্তা-চৰ্চাৰ পাচত টানগান নৈৰ তীৰৰ নাৱতেই কোৱাৰেণ্টাইন কৰাৰ কথা ঠিক কৰিলে নিৰঞ্জন নামৰ লোকজনে । বৰ্তমান তাতেই কোৱাৰেণ্টাইন হৈ আছে লোকজন । প্ৰত্যকে দিনাই তেওঁক খাদ্য সামগ্ৰী যোগান ধৰা হয় ।
কিন্তু এতিয়া প্ৰশ্ন উঠিছে হালডাৰৰ স্বাস্থ্য তথা জীৱনৰ সুৰক্ষাকলৈ । এই সন্দৰ্ভত হাবিবপুৰৰ ব্লক বিয়ষা (BDO) ই এই বিষয়ে জ্ঞাত নহয় বুলি উল্লেখ কৰি অতিশীঘ্ৰেই বৃদ্ধ লোকজনক উদ্ধাৰ কৰি চৰকাৰী আইচলেচন ৱাৰ্ডলৈ অনা হ'ব বুলি জানিবলৈ দিয়ে ।
অৱশ্যে সেই সময়লৈকে টানগান নদীৰ মাজত নাৱেই কোৱাৰেণ্টাইনৰ আশ্ৰয়স্থলী হৈ ৰ'ব নিৰঞ্জন হালডাৰৰ ।
লগতে চাওক- দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পৰ দেহত নোলাল কোভিড-১৯ৰ অৱস্থিতি