ETV Bharat / bharat

পানীৰ ভাগ বটোৱাৰাঃ ইণ্ডো-বাংলাদেশ সন্মিলনত ট্ৰান্স বাউন্দেৰি নদী ব্যৱস্থাপনাক প্ৰাধান্য

author img

By

Published : Dec 18, 2020, 9:37 AM IST

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে ভাৰত-বাংলাদেশ সন্মিলনীত আলোচনাত মিলিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই সন্মিলনীত ঘাইকৈ দুয়োখন দেশৰ মাজত পানী ভাগ বটোৱাৰা আৰু ট্ৰান্স বাউন্দেৰি নদী ব্যৱস্থাপনাক প্ৰাধান্য ৷ এই কথা উল্লেখ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে ৷

water sharing management of trans boundary rivers to dominate indo bdesh summit
ইণ্ডো-বাংলাদেশ সন্মিলনত পানী ভাগ বটোৱাৰা, ট্ৰান্স বাউন্দেৰি নদী ব্যৱস্থাপনাক প্ৰাধান্য

নেচনেল ডেস্ক, 18 ডিচেম্বৰ: বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত-বাংলাদেশ সন্মিলনীত আলোচনাত অংশ ল'লে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে বৃহস্পতিবাৰৰ এই আলোচনাত বিশেষকৈ পানীৰ ভাগ-বটোৱাৰা আৰু ট্ৰান্স বাউন্দেৰি নদী ব্যৱস্থাপনাই প্ৰাধান্য পাব বুলি মত ব্যক্ত কৰিছিল ৷

মমিনে কৈছিল যে এই সন্মিলনীত দুয়োখন দেশে বহুকেইটা বিষয়ত অন্তত পাঁচখন MoUত স্বাক্ষৰ কৰাৰ বাবে সাজু হৈছে ৷ বাংলাদেশৰ বিজয় মানে ভাৰতৰো বিজয় বুলি মন্তব্য কৰি মমিনে উল্লেখ কৰিছিল যে 1971 চনত পাকিস্তানৰ বিৰুদ্ধে যুঁজত ভাৰতে দেশখনক সহায় কৰিছিল ৷

তেওঁ লগতে এইবুলিও উল্লেখ কৰে যে দুয়োখন দেশেই পানী ব্যৱস্থাপনাৰ ওপৰত চাৰিখন চুক্তি কৰাৰ উপৰিও সীমা ব্যৱস্থাপনা আৰু চিলাহাটী-কোচবিহাৰ সংযোগী ৰে'লৱে পুনৰ সংযোগ কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৷ মমিনে উল্লেখ কৰা মতে চিলাহাটী-কোচবিহাৰ সংযোগী ৰে'লৱেৰে মালবাহী লগতে যাত্ৰীবাহী ৰে'ল সমূহ 2021 ৰ 26 মাৰ্চৰ পৰা চলাচল কৰাৰ সম্ভাৱনা আছে ৷

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ক'ভিড-19 সৃষ্ট পৰিৱেশ শাম কাটিলে 26 মাৰ্চত প্ৰধান মন্ত্ৰী মোডীয়ে ঢাকাত স্বাধীনতা দিৱস উদযাপনত উপস্থিত থাকিম বুলি সন্মতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক: প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.