ETV Bharat / bharat

দিল্লী-গুৰুগ্ৰাম সীমান্তত সহস্ৰাধিক লোকৰ সমাগম : ছীল হ'ল সীমান্ত

author img

By

Published : May 29, 2020, 2:45 PM IST

ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ পাচতে হাৰিয়ানা চৰকাৰে চীল কৰে দিল্লীৰ সৈতে থকা সীমান্ত । এই ভিডিঅ'টোৰ স্থান হৈছে দিল্লী-গুৰুগ্ৰাম সীমান্ত, য'ত সামাজিক দূৰত্বৰ নিয়ম নামানি সমাগত হৈছিল সহস্ৰাধিক লোক ।

সহস্ৰাধিক লোকৰ সমাগমৰ ভিডিঅ
সহস্ৰাধিক লোকৰ সমাগমৰ ভিডিঅ

নিউজ ডেস্ক, 29 মে': সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ', য'ত দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক লোকৰ সমাগম । এই ভিডিঅ'টোৰ স্থান হৈছে দিল্লী-গুৰুগ্ৰাম সীমান্ত । চতুৰ্থ প্ৰৰ্যায়ৰ লক ডাউন চলি থকাৰ মাজতে এই সমগমে চিন্তিত কৰি তুলিছে হাৰিয়ানা চৰকাৰক । কিয়নো ৰাজধানী চহৰ দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা আৰু তাতেই সীমান্ত্ৰত সামাজিক দূৰত্ব নমনাকৈ হোৱা বৃহৎ জন সমাগমে সংক্ৰমণৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰাৰ পূৰ্ণ আশংকা সৃষ্টি কৰিছে ।

পাচত আৰক্ষী উপস্থিত হৈ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

সহস্ৰাধিক লোকৰ সমাগমৰ ভিডিঅ

হাৰিয়ানাত যাতে এই সীমান্তৰে কোনো লোক প্ৰৱেশৰ দ্বাৰা তাত ৰোগৰ সংক্ৰমণ বৃদ্ধি নহয় তাৰ বাবে তৎপৰ হৈছে হাৰিয়ানাৰ ৰাজ্য চৰকাৰ । সেয়ে ভাইৰেল হোৱা ভিডিঅ'টোৰ পাচতে হাৰিয়ানা চৰকাৰে ছীল কৰি দিয়ে দিল্লীৰ সৈতে থকা সীমান্ত ।

দিল্লীত বৰ্তমান আক্ৰান্তৰ সংখ্যা 16282 গৰাকীলৈ বৃদ্ধি পাইছে ।উল্লেখ্য যে, কালিৰ দিনটোত ৰাজধানী চহৰখনত 1024 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 । দিল্লীত এদিনতে 1000 ৰোগী ধৰা পৰা এয়াই প্ৰথম ঘটনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.