নিউজ ডেস্ক, 23 অক্টোবৰঃ আগন্তুক 48 ঘন্টাৰ ভিতৰত ওড়িশাৰ পৰা আতৰিব দক্ষিণ-পশ্চিম দিশেৰে বলা মৌচুমী ৷ এই তথ্য প্ৰকাশ কৰিছে ওড়িশাৰ আঞ্চিলক বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক এইচ. আৰ. বিশ্বাসে ৷ শুকুৰবাৰে বিষয়া গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আগন্তুক চাৰি দিনত ওড়িশাৰ পৰা সম্পূৰ্ণৰূপে দূৰ হ'ব মৌচুমী ৷

উল্লেখ্য যে, বিষয়া গৰাকীয়ে জনোৱা তথ্য অনুসৰি আগন্তুক দুটা দিনৰ ভিতৰতে ওড়িশাৰ বিভিন্ন স্থানৰ পৰা দূৰ হ'ব মৌচুমীৰ এই প্ৰভাৱ ৷
লগতে পঢ়কঃ অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী