ETV Bharat / bharat

প্লাষ্টিক নিষিদ্ধকৰণে সুযোগ কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ মহিলালৈ - ওড়িশাৰ সম্বলপুৰ প্লাষ্টিক নিষিদ্ধকৰণ

ওড়িশাৰ সম্বলপুৰ জিলা প্ৰশাসনে জিলা খনৰ ৰেংগালী বনাঞ্চলৰ অন্তৰ্গত গোমেই অঞ্চলত মহিলা আত্ম সহায়ক গোট সমূহক প্লাষ্টিকৰ বিকল্প হিচাপে শাল গছৰ পাতৰ পৰা প্লেট প্ৰস্তুত কৰোৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

plastic ban
প্লাষ্টিক নিষিদ্ধকৰণে সুযোগ কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ মহিলাৰ বাবে
author img

By

Published : Dec 13, 2019, 1:27 PM IST

ওড়িশা, সম্বলপুৰ, 13 ডিচেম্বৰঃ একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই নিষেধজ্ঞা আৰোপ কৰাটো কাৰ্যত প্ৰমাণ কৰিছে উৰিষ্যাৰ সম্বলপুৰৰ মহিলাৰ আত্ম সহায়ক গোটে গ্ৰহণ কৰা পদক্ষেপে ৷ সম্বলপুৰৰ জিলা প্ৰশাসনে জিলা খনৰ ৰেংগালী বনাঞ্চলৰ অন্তৰ্গত গোমেই অঞ্চলত মহিলা আত্ম সহায়ক গোট সমূহক প্লাষ্টিকৰ বিকল্প হিচাপে শাল গছৰ পাতৰ পৰা প্লেট প্ৰস্তুত কৰিবলৈ সহযোগিতা আগবাঢ়িছে ৷ বৰ্তমান জিলা প্ৰশাসনে এই ক্ষেত্ৰত আত্ম সহায়ক গোট সমূহক পৰম্পৰাগত পদ্ধিতৰ পৰিৱৰ্তে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু যন্ত্ৰ প্ৰদান কৰিছে ৷
প্ৰশাসনৰ এই পদক্ষেপ কেৱল প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাতে সীমাবদ্ধ নহয়,বৰঞ্চ মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ লগতো জড়িত এই পদক্ষেপ ৷

প্লাষ্টিক নিষিদ্ধকৰণে সুযোগ কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ মহিলালৈ

ৰেংগালী বনাঞ্চলৰ পৰা মহিলা সকলে বিনামূলীয়াকৈ শাল গছৰ পাত সংগ্ৰহ কৰে ৷ পুৱাই মহিলা সকলে বনাঞ্চললৈ গৈ শাল গছৰ পাত সংগ্ৰহ কৰে ৷ তাৰ পাছতেই এই পাত সমূহ বন বিভাগৰ কাৰ্যালয়ত থকা প্ৰশিক্ষণ শিবিৰলৈ লৈ যোৱা হয় ৷ পূৰ্বে এগৰাকী মহিলাই এদিনত 100 খন প্লেটহে নিৰ্মাণ কৰিব পাৰিছিল ৷ কিন্তু প্ৰশাসনে যোগান ধৰা যন্ত্ৰৰ ব্যৱহাৰৰ ফলত প্ৰত্যেক দিনে এগৰাকী মহিলাই 500 খনকৈ প্লেট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে পূৰ্বে প্ৰত্যেক খন প্লেটৰ মূল্য 70 পইচা ধাৰ্য কৰা হৈছিল যদিও বৰ্তমান 3.50 টকা ধাৰ্য কৰা হৈছে ৷

সম্বলপুৰ বন বিভাগৰ অধীনত উৰিষ্যা বন উন্নয়নমূলক প্ৰকল্পৰ নামেৰে গ্ৰহণ কৰা এই পদক্ষেপৰ লগত সম্বলপুৰ জিলা প্ৰশাসন , বন বিভাগ,উৰিষ্যা গ্ৰামোন্নয়ন বিভাগ,উৰিষ্যা জীৱন নিৰ্বাহ অভিযানক সংযুক্ত কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ বৰ্তমান বন বিভাগে 10 টা চিলাই মেচিন আৰু অন্যান্য উৎপাদনী সামগ্ৰী যোগান ধৰিছে ৷ লগতে অঞ্চলটোত স্থায়ী প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিবৰ বাবে ইতিমধ্যে প্ৰশাসনে স্বাক্ষৰিত কৰিছে চুক্তি ৷

জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক সুকান্ত ত্ৰিপাঠীয়ে জানিবলৈ দিয়ে যে,এই চুক্তিৰ জৰিয়তে আত্ম সহায়ক গোট সমূহক বিনামূলীয়াকৈ অধিক যন্ত্ৰ যোগান ধৰি স্থাপন কৰা হ'ব স্থানীয় উদ্যোগ ৷ লগতে তেওঁ কয় যে, এই পাত সমূহ গোৱালৈ প্ৰেৰণ কৰা হ'ব ৷ তাৰ পাছতেই ৰায়পুৰ,ভূপাল আৰু কলকাতালৈ বিতৰণ কৰা হ'ব পাত সমূহ যাৰ জৰিয়তে স্থানীয় বজাৰত উপলব্ধ হ'ব ৷

লগতে পঢ়ক , প্লাষ্টিক বৰ্জনঃ উল্লেখনীয় পদক্ষেপেৰে ৰাজস্থানৰ এখন গাঁও

Intro:Body:

SUBSTITUTE OF PLASTIC PLATE VISUALS

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.