নেশ্যনেল ডেস্ক, ৫ জুনঃ গুজৰাটৰ ৰোজকোটত শোকাৱহ ঘটনা । শুকুৰবাৰে নিশা এটা ফেক্টৰীত জুই লগাৰ ফলতেই মৃত্যু হয় এজন শ্ৰমিকৰ ।
এটা ডিভিআৰ মেচিনত সংঘটিত শ্বৰ্ট ছাৰ্কিটৰ ফলতেই সংঘটিত হয় এই ঘটনা । খবৰ অনুসৰি, ডিভিআৰ মেচিনটোত শ্বৰ্ট ছাৰ্কিটৰ সময়ত ওচৰত আছিল এটা ছেনিটাইজাৰ বটল । অগ্নিকাণ্ড সংঘটিত হোৱাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্ধী হোৱা বাবেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ।