ETV Bharat / bharat

সন্ত্ৰাসবাদী পুত্ৰক পিতৃ-মাতৃয়ে কৰা আত্মসমৰ্পনৰ আহ্বানৰ ভিডিঅ' ভাইৰেল

author img

By

Published : Jul 5, 2020, 11:47 PM IST

এটা ভাইৰেল ভিডিঅ' য'ত সন্ত্ৰাসবাদী পুত্ৰক দেউতাকে কৰিছে আত্মসমৰ্পনৰ আহ্বান । সেনাৰ লগত হোৱা সংঘৰ্ষৰ সময়ত সেই স্থানত উপস্থিত দেউতাকে সেনাৰ গুলিত মৃত্যু হোৱাৰ পৰা বাচিবৰ বাবে পুত্ৰক জনালে আহ্বান । অৱশ্যে জম্মু কাশ্মীৰৰ কুলগ্ৰামত জিলাত সেনাৰে হোৱা এই সংঘৰ্ষত হিলাল আহমেদ নামৰ সন্ত্ৰাসবাদীটোয়ে অৱশেষত কৰিলে মৃত্যু বৰণ ।

Father appeals his militant son to surrender
সন্ত্ৰাসবাদী পুত্ৰক পিতৃ-মাতৃয়ে কৰা আত্মসমৰ্পনৰ আহ্বানৰ ভিডিঅ' ভাইৰেল

নিউজ ডেস্ক,৫জুলাই : অলপতে হিজবুল মুজাহিদ্দিনত যোগদান কৰা এজন কাশ্মীৰী যুৱকে শনিবাৰে সেনাৰে হোৱা সংঘৰ্ষৰ সময়ত আত্মসমৰ্পনৰ বাবে পিতৃয়ে কৰা আবেদনক অগ্ৰাহ্য কৰাৰ পাছতেই সেনাৰ গুলিত নিহত হ'ব লগা হৈছিল । সংঘৰ্ষৰ সময়ত পিতৃয়ে আত্মসমৰ্পন কৰি নিজক বচাবৰ বাবে পুত্ৰক কৰা হৃদয় বিদাৰক আবেদনৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল য'ত পিতৃৰ আহ্বানেও একো কাম দিয়া নাছিল ।

"মই তোমাৰ আব্বাই কৈছো । চাহাব(সেনা বিষয়া) মোৰ কাষত আছে । যদি তুমি আত্মসমৰ্পনৰ বাবে সন্মতি দিয়া তেনেহ'লে মই তোমাক বচাব পাৰিম। তোমাৰ একো নহয়, মই তোমাক কথা দিছো।" এয়া আছিল এজন পিতৃৰ পুত্ৰৰ প্ৰতি আহ্বান । ভিডিঅ'টোত কাষৰ পৰাই এজন সেনা জোৱানে এই বুলিও কোৱা শুনা গৈছিল, "আপোনাৰ পুত্ৰক আত্মসমৰ্পনৰ বাবে সৈমান কৰক। লগত থকা অস্ত্ৰ দলিয়াই দিবলৈ কওক। আমি তেওঁৰ একো ক্ষতি নকৰো ।"

ভিডিঅ'টোৰ শেষৰ ফালে হিলালৰ মাকেও পুত্ৰক আত্মসমৰ্পনৰ বাবে জনালে আহ্বান । কিন্তু বিপৰীত ফালৰ পৰা নাহিল কোনো প্ৰতিক্ৰিয়া । অৱশেষত সন্ত্ৰাসবাদী হিলালৰ লগত থকা আন সন্ত্ৰাসবাদী আৰু সেনাৰ সংঘৰ্ষত হিলালসহ দুই সন্ত্ৰাসবাদীৰ মৃত্যু হয় । এই সংঘৰ্ষত সেনাৰ এজন জোৱানো আঘাতপ্ৰাপ্ত হয় ।

সেনাই সন্ত্ৰাসবাদীৰ দলটোক আত্মসমৰ্পনৰ বাবে বহুখিনি সময় দিয়াৰ লগতে স্থানীয় জ্যেষ্ঠ লোকৰ জৰিয়তেও অস্ত্ৰ সম্বৰণৰ বাবে আহ্বান জনোৱাইছিল । কিন্তু ইয়াৰ পাছতো সেনালৈ লক্ষ কৰি সন্ত্ৰাসবাদীৰ দলটোৱে ধাৰাষাৰ গুলিবৰ্ষণ কৰে । ফলত সেনাৰ ফালৰ পৰাও দিয়া প্ৰত্যুত্তৰত হিলাল সহিতে দুটা সন্ত্ৰাসবাদীৰ ঘটনাস্থলীতে মৃত্যু হয় । অৱশেষত মৃত দুই সন্ত্ৰাসবাদীক সেনাই চৰকাৰী নিয়ম আৰু সৎকাৰৰ বাবে হানদোৱাইলৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.