নেশ্যনেল ডেস্ক, 3 মে' : জমিয়ত ওলমা-ই-হিন্দৰ পাচত নৱপাড়া মছজিদ বান্দ্ৰা আৰু ছান্তাক্ৰুজ দৰগাহ ট্ৰাষ্টেও এইবাৰ এক আবেদন দাখিল কৰিলে উচ্চতম ন্যায়ালয়ত ৷ কৰ'ণা ভাইৰাছত নিহত লোকক চুবুৰীয়া অঞ্চলত কবৰ দিয়াটো সাময়িকভাৱে বন্ধ কৰি ৰাখিব লাগে বুলি উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ বিপৰীতে এই আবেদন দাখিল কৰে নৱপাড়া মছজিদ বান্দ্ৰা আৰু ছান্তাক্ৰুজ দৰগাহ ট্ৰাষ্টে ৷
আবেদনকাৰীয়ে দাবী কৰিছিল যে, কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ কবৰ দিলে তাৰ পৰা ৰোগ বিয়পিব পাৰে ৷ আবেদনকাৰীৰ এই দাবী অস্বীকাৰ কৰি ৱাকফে কয় যে, ভাৰত চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনাত এনে দাবী অসমৰ্থিত ৷ ধৰ্মীয় ভিত্তিত এই লোকসকলৰ মৃতদেহ কবৰ দিয়াটো অত্যাৱশ্যকীয় ৷
জমিয়ত ওলমা-ই-হিন্দে প্ৰদান কৰা আবেদনৰ সৈতে সাদৃশ্য আছিল ছান্তাক্ৰুজ দৰগাহ ট্ৰাষ্টে প্ৰদান কৰা এই আবেদনত ৷ আবেদনখনত উল্লেখ কৰা হৈছিল যে, ৰোগীৰ মৃতদেহ কবৰ দিয়াৰ সময়ত স্বাস্থ্য মন্ত্ৰণালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী মানি চলা উচিত ৷ কবৰ দিয়াৰ পাচত এই ৰোগৰ সংক্ৰমণ নহয় বুলি WHO য়ে প্ৰদান কৰা স্পষ্টীকৰণো এই আবেদনত উল্লেখ কৰা হয় ৷
উল্লেখ্য যে, WHO য়ে প্ৰদান কৰা স্পষ্টীকৰণ অনুসৰি, ৰক্তপ্ৰবাহী জ্বৰ যেনে, ইবোলা, মাৰবোৰ্গ, কলেৰা আদিৰ মৃতদেহৰ পৰাহে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে ৷ ইনফ্লুৱেঞ্জাৰ দৰে ৰোগত মৃত্যু হোৱা লোকৰ শৱদেহৰ পৰীক্ষণত ক্ৰুটি থাকিলেহে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰ বাহিৰে অন্য ৰোগত কবৰ দিয়াটো সুৰক্ষিত ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছত মৃত লোক সম্পৰ্কত চৰকাৰ আৰু WHO য়ে বহুকেইটা সাৱধানতামূলক নিৰ্দেশনা জাৰি কৰিছে ৷ এই সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে মাস্ক, গ্ল'ভছৰ ব্যৱহাৰ, শৱদেহ স্পৰ্শ নকৰা, কবৰস্থানত শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ অনুপস্থিতি, অন্তোষ্টিক্ৰিয়াত অনুপস্থিতি, সামাজিক দূৰত্ব আদি ৷