ETV Bharat / bharat

কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ - মধ্যপ্ৰদেশৰ উজ্জেইন

কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক বৃহস্পতিবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে ৷ মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুবেক ৷

মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুবেক
কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ
author img

By

Published : Jul 9, 2020, 10:05 AM IST

Updated : Jul 9, 2020, 12:22 PM IST

নেশ্যনেল ডেস্ক, 9 জুলাই : কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক বৃহস্পতিবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এই তথ্য নিশ্চিত কৰে মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই ৷ উত্তৰ প্ৰদেশৰ এক এনকাউন্টাৰত কানপুৰৰ চক্ৰ বিষয়াসহ 8 জন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা বিকাশ ডুবে ঘটনা সংঘটিত কৰা দিনৰ পৰাই পলায়ন কৰি আছিল ৷

বিক্ৰু গাঁৱৰ বাসিন্দা বিকাশ ডুবেৰ বিৰুদ্ধে 60 টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৷ হত্যা, ডকাইতি, অপৰহৰণকে ধৰি 2001 চনত বিজেপি নেতা সন্তোষ শুক্লাক শিৱলি আৰক্ষী থানাত হত্যা কৰাৰ গোচৰ আছে ৷ কিন্তু কোনো সাক্ষ্য প্ৰমাণ নথকাৰ বাবে সেই সময়ত তেওঁক জিলা আদালতে মুক্তি দিছিল ৷

কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ

1993 চনত প্ৰথমবাৰৰ বাবে কিছু যুৱকক লৈ বিকাশ ডুবে অপৰাধমূলক ঘটনাৰ সৈতে জড়িত হৈ পৰিছিল ৷ ৰাজনৈতিক লিংক থকা বিকাশ ডুবেৰ আছিল ব্যক্তিগত সুৰক্ষা দল ৷ কাৰাগাৰত দিন কটোৱাৰ সময়তো বিকাশ ডুবেই নগৰ পঞ্চায়তৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ ইয়াৰোপৰি, ডুবেৰ বিৰুদ্ধে ব্যৱসায়ী দিনেশ ডুবে আৰু বহুকেইজন ব্যক্তিক হত্যাৰ গোচৰ আছে ৷

মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুবেক
শিৱৰাজ সিং চৌহানৰ টুইট

জনতা দলৰ বিধায়ক হিচাপে পূৰ্বে কাৰ্যনিৰ্বাহ কৰা হৰিকিষন শ্ৰীবাস্তৱৰ ঘনিষ্ঠ আছিল ডুবে ৷ ইয়াৰ পাচতে শ্ৰীবাস্তৱৰ প্ৰতিদ্বন্দী সন্তোশ শুক্লাক হত্যা কৰিছিল বিকাশ ডুবেই ৷

উল্লেখ্য যে, কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবে সম্পৰ্কত নতুন নতুন তথ্য পোহৰলৈ আহিছিল ৷ বিকাশ ডুবেৰ সন্ধান দিয়াজনক আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ লগতে প্ৰশাসনে তেওঁৰ বাসগৃহ উচ্ছেদ কৰে ৷ ইয়াৰোপৰি, বিভিন্ন স্থানত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ৷

তথ্য অনুসৰি, কানপুৰৰ 'শীৰ্ষ 15' অপৰাধীৰ তালিকাত স্থান নাছিল বিকাশ ডুবেৰ ৷ কানপুৰৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছিল এই তথ্য ৷ আচৰিতভাৱে, গেংষ্টাৰ বিকাশ ডুবেৰ বিৰুদ্ধে কেৱল চৌবেপুৰ আৰক্ষী থানাতে 60 টাকৈ গোচৰ থকাৰ পাচতো শীৰ্ষ অপৰাধীৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা নাছিল ৷

লগতে পঢ়ক : ইউক্ৰেইনত বনজুই : ঘটনাস্থলীত উপস্থিত ৰাষ্ট্ৰপতি জেলেংস্কি

Last Updated : Jul 9, 2020, 12:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.