ETV Bharat / bharat

নয়দাত নাটকীয় কায়দাৰে গ্ৰেপ্তাৰ "মষ্ট ৱান্টেড" মনু - 25,000 টকাৰ পুৰস্কাৰ মনুৰ নামত ঘোষণা আৰক্ষীৰ

নয়দাত গ্ৰেপ্তাৰ হ'ল 25,000 টকাৰ পুৰস্কাৰ ঘোষিত মষ্ট ৱাণ্টেড অপৰাধী । লক্ ডাউনৰ নীতি-নিৰ্দেশনা উলংঘন কৰাৰ অপৰাধত চেকপষ্টত ৰখিবলৈ দিয়াতে তিনি দুৰ্বৃত্তই গুলীচালনা কৰি পলায়নৰ সময়তে আৰক্ষীৰ গুলীত আহত হৈ গ্ৰেপ্তাৰ হ'ল মষ্ট ৱাণ্টেড অপৰাধীজন । আনহাতে পলায়ন আন দুই অপৰাধী ।

Wanted criminal nabbed after trio opens fire at police in Noida

author img

By

Published : Jun 2, 2020, 12:52 PM IST

নয়দা, 2 জুন : সোমবাৰে নয়দা আৰক্ষী বিষয়াৰ ওপৰত গুলীচালনা তিনি দুৰ্বৃত্তৰ । লক্ ডাউনৰ নিয়ম উলংঘা কৰাৰ বাবে চেক পইন্টত আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়াৰ সময়তে পলায়ন কৰি গুলীচালনা তিনি ধৃত লোকৰ । পিচত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত আহত হয় এজন দুৰ্বৃত্ত । লক্ষ্যণীয় ভাৱে আহত দুৰ্বৃত্তজনৰ ওপৰত ইতিমধ্যে আৰক্ষীয়ে ঘোষণা কৰি থৈছিল 25,000 হাজাৰ টকাৰ পুৰস্কাৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি লোক তিনিজনক একেখন স্কুটাৰতে নয়দাৰ ছেক্টৰ-24 ৰ স্পাইছ মল কাষত প্ৰত্যক্ষ কৰা হৈছিল । দেশত বলৱৎ হৈ থকা লক্ ডাউনৰ সময়ত নিময় অনুসৰি বৰ্তমানে দুচকীয়া বাহনত এজন লোকহে উঠি যাত্ৰা কৰা অনুমতি আছে । সেই সময়তে একেখন দুচকীয়া বাহনত তিনিজন ঘূৰি ফূৰোতে লোক কেইজনক আৰক্ষীয়ে বাধা দিয়াৰ সময়তে লোক কেইজনে পলায়নৰ চেষ্টা কৰে বুলি জানিবলৈ দিয়ে নয়দা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰনবিজয় সিঙে ।

তাৰ পাচতেই আৰক্ষীয়ে খেদি যোৱাত লোক কেইজন আৰক্ষীৰ ওপৰত গুলীচালনা কৰে । পিচত আৰক্ষীও গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত পলায়ন কৰা এজন লোক আহত হয় । আনহাতে আন দুজন লোক পলাই যাবলৈ সক্ষম হয় । আহত লোকজনৰ পৰা আৰক্ষীয়ে এটা দেশীয় নিৰ্মিত পিষ্টল আৰু এটা চুৰি ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা ধৃত লোকজন মনু বুলি চিনাক্ত কৰা হৈছে । ধৃত অপৰাধীজনৰ ওপৰত আৰক্ষীয়ে সন্ধান দিব পাৰিলে পূৰ্বতেই ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল । লোক জনৰ ওপৰত ১২ টাকৈ অধিক গোচৰ পঞ্জীকৃত হৈ আছিল । বৰ্তমান আৰক্ষীৰ জিম্মাত মষ্ট ৱান্টেড মনু ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.