ETV Bharat / bharat

হোলী উৎসৱ বৰ্জন বৃন্দাৱনৰ শতাধিক মহিলাৰ

author img

By

Published : Mar 6, 2020, 6:40 PM IST

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে লোৱা পদক্ষেপ হিচাপে হোলী উৎসৱ উদযাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে সুলভ ফাউণ্ডেছনৰ শতাধিক মহিলাই ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে হোলী উৎসৱ বৰ্জন কৰিছে সুলভ ফাউণ্ডেছনে ৷

Vrindavan widows to forego Holi due to Coronavirus
হোলী উৎসৱ বৰ্জন বৃন্দাৱনৰ শতাধিক মহিলাৰ

নিউজ ডেস্ক , 6 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হোলী উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে সুলভ ফাউণ্ডেছনৰ শতাধিক বিধৱা মহিলাই ৷ উল্লেখযোগ্য যে , উত্তৰপ্ৰদেশৰ বৃন্দাবনস্থিত সুলভ ফাউণ্ডেছনে দেশৰ বিধৱা সকলৰ বাবে বিগত কেইবাবছৰৰ পৰা কাম কৰি আহিছে ৷ "হোলী উৎসৱ পালনৰ সময়ত বহু মানুহৰ সমাগম হয় ৷ এই সমাগমৰ পৰা মহিলাসকলৰ শৰীৰলৈ মাৰাত্মক কৰ’ণা ভাইৰাছৰ বীজাণু বিয়পিব পাৰে ৷ আমাৰ ফাউণ্ডেছনৰ প্ৰায়সকল মহিলাই বৃদ্ধ ৷ তেখেতসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি হোলী উৎসৱ উদযাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"- এই মন্তব্য কৰে সুলভ ফাউণ্ডেছনৰ মুখপাত্ৰই ৷

লক্ষ্যণীয় যে , ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে হোলী খেলৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে সুলভ ফাউণ্ডেছনে ৷ বিগত বছৰত , পৰলোকপ্ৰাপ্তিঘটা বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ পাৰিকৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি হোলী খেলৰ পৰা বিৰত আছিল ফাউণ্ডেছনটোৰ মহিলা সকল ৷

গুৰুত্বপূৰ্ণ যে , বৃন্দাৱনৰ বিধৱাসকলে উদযাপন কৰা এই হোলী উৎসৱ বৰ্তমান দেশৰ সহস্ৰাধিক বিধৱাৰ বাবে এই অনুপ্ৰেৰণাস্বৰূপ হৈ পৰিছে ৷ 2012 চনত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায় অনুসৰি , বৃন্দাৱনৰ বিধৱা মহিলাসকলৰ দুখ কষ্ট হ্ৰাস কৰিবৰ বাবে চৰকাৰ তথা চৰকাৰী সংস্থাসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই সকল মহিলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সুলভ ফাউণ্ডেছন নামৰ এটা এন জি অ’ক দায়িত্ব প্ৰদান কৰিছিল উচ্চতম ন্যয়ালয়ে ৷

লগতে পঢ়কঃ অসম বাজেট 2020-21 : থোৰতে শিক্ষাখণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.