নেশ্বনেল ডেস্ক, 21 অক্টোবৰ : দেশৰ অন্য প্ৰান্তৰ লগতে হাৰিয়ানাতো বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 6 বজালৈকে অনুষ্ঠিত কৰা হ'ব ৷ হাৰিয়ানৰ মুঠ 90 টাকৈ সমষ্টিত শাসনত অধিষ্ঠিত বিজেপি দলে বিৰোধী কংগ্ৰেছ দলৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৷ কংগ্ৰেছ দলে হাৰিয়ানাত পুনৰাগমনৰ চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে 75 খনকৈ আসনত জয়ৰ ধাৰা অব্যাহত ৰখাৰ পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে ৷
![90 বিধানসভা সমষ্টি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4818348_1.jpg)
উল্লেখ্য যে, 90 আসনৰ হাৰিয়ানা বিধানসভা সমষ্টিত বিজেপিৰ সৰ্বমুঠ 48 জনকৈ প্ৰতিদ্বন্দী আছে ৷ হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ আগৰৱালে জানিবলৈ দিয়া অনুসৰি, সৰ্বমুঠ 19,578 টা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব ৷ মুঠ 1.83 কোটি ভোটাৰে ভোট প্ৰদান কৰিব আৰু ইয়াৰে 85 লাখ মহিলা আৰু 252 গৰাকী তৃতীয় লিংগৰ লোক আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ ৷
![90 বিধানসভা সমষ্টি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4818348_2.jpg)