ETV Bharat / bharat

কৰ্ণাটকৰ স্থানীয় নিকায় নিৰ্বাচনৰ ভোট গণনা আৰম্ভ - আদালত

কৰ্ণাটকৰ স্থানীয় নিকায় নিৰ্বাচনৰ বাবে ভোট গণনা আৰম্ভ ৷ ৰাজ্যখনত 5,728 টা গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

Karnataka Gram Panchayat second phase counting begins
কৰ্ণাটকৰ স্থানীয় নিকায় নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ
author img

By

Published : Dec 30, 2020, 4:24 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : কৰ্ণাটকৰ বিভিন্ন স্থানত স্থানীয় নিকায় নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে ৷ তাৰ ভিতৰত শিৱামোগা আৰু দাভানাৰাজ অঞ্চলো অন্তভুৰ্ক্ত আছে ৷ যি কেইটা অঞ্চলৰ বাবে নিৰ্বাচন দেওবাৰে সম্পূৰ্ণ হৈছিল ৷

কৰ্ণাটকৰ স্থানীয় নিকায় নিৰ্বাচনত তিনিটা দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দল কেইটা হ'ল ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ আৰু জনতা দল ৷ উল্লেখ্য যে, 5,728 টা গাঁও পঞ্চায়তৰ বাবে 82,616 খন আসনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হৈছিল ৷

লগতে পঢ়ক : চাহ মজদুৰসকলে আজিও নাপালে ৩৫১ টকা দৈনিক মজুৰি

দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰথম পৰ্যায়ত 43,238 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 39,378 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ইতিমধ্যে, ৰাজ্যখনত 8,074 খন আসনৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাই জয়ী হ'বলৈ সক্ষম হৈছে ৷

আনহাতে, ৰাজ্যখনৰ 242 টা পঞ্চায়তত প্ৰতিনিধিৰ কাৰ্যকাল সমাপ্ত নোহোৱাৰ বাবে আৰু আদালতৰ বিশেষ বিধিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, প্ৰায় 2.94 লাখ লোকে ভোটদান কৰিছে নিৰ্বাচনত ৷

লগতে পঢ়ক : কম্বডিয়াৰ বানপানীত আক্ৰান্ত লোকলৈ মিছন সাগৰ-3 অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.