ETV Bharat / bharat

ব্ৰিটেইনত আবদ্ধ বিদেশী নাগৰিকৰ ভিছাৰ ম্যাদ ১৫ মে’লৈ বৃদ্ধি ক’ভিড১৯—ভাৰতস্থিত দূতাবাসৰ দ্বাৰা নাগৰিকক উদ্ধাৰ - Visa Extensions till 15 May Offered To Foreigners Stranded In UK

একেদৰে ভাৰতেও দেশখনত থকা সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ভিছা ১৫ এপ্ৰিলৰ মাজনিসালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে বিদেশী নাগৰিকসকলক বিদেশী পঞ্জীয়ন কাৰ্যালয়ত অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে । ভাৰতে ১৭ মাৰ্চৰ পৰা ব্যৱসায়িক বিমানসেৱা বন্ধ কৰি ৩৭ খন দেশৰ পৰা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল । ২২ মাৰ্চত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হয় ।

Visa Extensions till 15 May Offered To Foreigners Stranded In UK

author img

By

Published : Mar 31, 2020, 10:39 PM IST

কৰ’না ভাইৰাছ মহামাৰীৰ সংকটৰ সময়ত গ্ৰেট ব্ৰিটেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ লগতে আন বিদেশী নাগৰিকসকলক সকাহ প্ৰদান কৰি যিসকল ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ২৪ জানুৱাৰীৰ পাছত ভিছাৰ ম্যাদ অন্ত পৰা ইতিমধ্যে ব্ৰিটেইনত থকা সকলো বিদেশী নাগৰিকে এতিয়া ইমেইলযোগে দেশখনৰ গৃহ বিভাগৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব আৰু এই বৰ্ষৰ ৩১ মে’লৈকে ম্যাদ বৃদ্ধি কৰিব পাৰিব। বিশ্বজুৰি হোৱা লকডাউন আৰু ভ্ৰমণত নিষেধাজ্ঞাৰ ফলত ঘৰলৈ উভতিব নোৱৰা বিদেশী নাগৰিকসকলৰ বাবে এয়া এক আদৰণীয় পদক্ষেপ । যিসকল ব্ৰিটেইনত আছে আৰু এই সুবিধা লোৱাৰ বাবে যোগ্য তেওঁলোকে ম্যাদ বৃদ্ধি কৰিবলগীয়া কাৰণ, তেওঁলোকৰ নাম আৰু পূৰ্বৰ ভিছাৰ প্ৰসংগৰে CIH@homeoffice.gov.uk এই ঠিকনাত মেইল কৰিব পাৰে । সপ্তাহৰ কৰ্মদিনত পুৱা নবজাৰ পৰা আবেলি পাঁচ বজালৈকে ‘08006781767’ এই বিনামূলীয়া হেল্পলাইন নম্বৰটোক ফোন কৰিও তেওঁলোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰিব ।

“গ্ৰেট ব্ৰিটেইনে মানুহৰ স্বাস্থ্য আৰু কল্যাণক প্ৰথমে গুৰুত্ব দিয়ে । তেওঁলোকৰ নিয়ন্ত্ৰণাধীন নোহোৱা পৰিস্থিতিৰ বাবে কাকো শাস্তি প্ৰদান কৰা নহয় । লোকসকলৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰি আমি তেওঁলোকক মানসিক শান্তি দিছোঁ আৰু যিসকল জৰুৰী সেৱাত আছে তেওঁলোকে কাম কৰি যাব পাৰে বুলি নিশ্চয়তা দিছোঁ ।’ ব্ৰিটিছ গৃহ সচিব প্ৰীতি পেটেলে এনেদৰে কয় । চৰকাৰী সূত্ৰই আশ্বাস দিছে যে যদিহে প্ৰয়োজন হয় এই সময়সীমা বৃদ্ধি কৰা হ’ব পাৰে । আভ্যন্তৰীণ ছুইচিং ব্যৱস্থাৰো সময়সীমা বৃদ্ধি কৰা হৈছে । ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে টায়াৰ-৪ ৰ পৰা সাধাৰণ কৰ্মীৰ বাবে থকা টায়াৰ-২ বাচি ল’ব পাৰিব যাতে তেওঁলোকে প্ৰয়োজনত চলিবৰ বাবে কাম কৰিব পাৰে । ভাৰতস্থিত ব্ৰিটেইনৰ বৰ্তমানৰ উচ্চায়ুক্ত জেন থম্পছনে আশা কৰে যে এই ব্যৱস্থাই ইংলেণ্ডত আবদ্ধ হৈ থকা বহু ভাৰতীয়ক সকাহ প্ৰদান কৰিব । এই বিষয়ে থম্পছনে কয়—“ঘৰলৈ উভতিব নোৱৰা ভ্ৰমণকাৰীসকলৰ বাবে এই পৰিস্থিতটো কিমান উদ্বিগ্নতাৰে ভৰা সেয়া মই ভালদৰে জানো । এই ঘোষণাই ইংলেণ্ডত থকা বহু ভাৰতীয় নাগৰিকক সকাহ প্ৰদান কৰিব । আনহাতে, ভাৰতত থকা ব্ৰিটিছ নাগৰিকসকলে প্ৰয়োজনত যাতে সহায় লাোভ কৰে তাৰ বাবে মই আৰু মোৰ সহকৰ্মীসকলে দিনে-নিশাই কাম কৰি আছোঁ ।”

একেদৰে ভাৰতেও দেশখনত থকা সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ভিছা ১৫ এপ্ৰিলৰ মাজনিসালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে বিদেশী নাগৰিকসকলক বিদেশী পঞ্জীয়ন কাৰ্যালয়ত অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে । ভাৰতে ১৭ মাৰ্চৰ পৰা ব্যৱসায়িক বিমানসেৱা বন্ধ কৰি ৩৭ খন দেশৰ পৰা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল । ২২ মাৰ্চত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হয় ।

ভাৰতস্থিত বিদেশৰ দূতাবাসে নাগৰিকক প্ৰত্যাৱৰ্তনত আগবঢ়াইছে সহায়ঃ ভাৰতত থকা নিজ দেশৰ নাগৰিকসকলক উদ্ধাৰকাৰী বিমানেৰে ঘৰলৈ পঠিয়াই দিয়াৰ বাবে চেষ্টা কৰা জাপান, আমেৰিকা, জাৰ্মানী, আফগানিস্তান আৰু ৰাছিয়াৰ লগতে ব্ৰিটেইনো আছে । ব্ৰিটিছ দূতাবাসে ব্ৰিটিছ নাগৰিকসকলে ঘৰলৈ উভতি যাবলৈ বিতাৰিলে সবিশেষ তথ্য প্ৰদান কৰিবলৈ কোৱাৰ লগতে কেতিয়া ব্যৱসায়িক বিমানসেৱা আৰম্ভ হ’ সেই বিষয়ে পৰামৰ্শ দি আছে । ভাৰত চৰকাৰৰ সহযোগত জাৰ্মান দূতাবাসে ইউৰোপিয়ান ইউনিয়নৰ সদস্য দেশসমূহৰ সৈতে তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ বাবে উদ্ধাৰকাৰী বিমানৰ ব্যৱস্থা কৰিবলৈ ২৪ ঘণ্টাই এক সহায়ক কেন্দ্ৰ চলাই আছে । ২৫ মাৰ্চত জাৰ্মানী, ইউৰোপিয়ান নাগৰিকৰ লগতে জাৰ্মানীত স্থায়ীভাৱে বসবাস কৰা প্ৰায় পাঁচশজন লোকক লৈ দিল্লীৰ পৰা ফ্ৰেংকফুৰ্টলৈ এখন বিশেষ লুফথাংছা বিমানে উৰা মাৰে । ভাৰতত প্ৰায় পাঁচ হাজাৰ জাৰ্মান পৰ্যটক আছে । জাৰ্মান ৰাষ্ট্ৰদূত ৱাল্টাৰ লিণ্ডাৰে তেওঁৰ দূতাবাসৰ চৰকাৰী টুউটাৰ হেণ্ডেলযোগে এক ভিডিঅ’ সম্প্ৰচাৰত প্ৰকাশ কৰিছিল যে জাৰ্মানীলৈ উভতাসকলক ঋশীকেশ আৰু জয়পুৰৰ পৰা বিশেষ বাছ কনভয়েৰে ২৪ মাৰ্চৰ নিশা লৈ অহা হয় । তেওঁ নিজৰ দেশৰ নাগৰিকসকলক দিল্লীৰ বিমান বন্দৰৰ কাষৰ হোটেলত স্থানান্তৰ হোৱাৰ বাবে চেষ্টা কৰিবলৈ কয় যাতে উদ্ধাৰকাৰী বি্ানৰ বাবে সাজু হ’ব পাৰে । জাৰ্মান দূতাবাসে প্ৰস্তাৱ দিয়া অতিৰিক্ত উদ্ধাৰকাৰী বিমানৰ বাবে ভাৰত চৰকাৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

২৫ মাৰ্চৰ পুৱাই দিল্লীৰ পৰা ৩৮৮ জন আৰু গোৱাৰ পৰা ১২৬ জন ৰাছিয়ান নাগৰিককলৈ গোৱালৈ দুখন বিশেষ বিমান উৰা মাৰে । যদিও আন বিশেষ বিমানৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই, দিল্লীস্থিত ৰাছিয়ান দূতাবাসে ইয়াৰ তিনিগৰাকী কনছ্যুলেটেৰ জৰিয়তে ভাৰতত থকা ৰাছিয়ান নাগৰিকসকলক যোগাযোগত থাকিবলৈ আহ্বান জনাইছে । আফগান ৰাষ্ট্ৰদূত তাহিৰ কাডিৰিয়ে অলপতে ভাৰত ভ্ৰমণৰত আফগান নাগৰিকসকলৰ বাবে এক টুইট কৰে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.