ETV Bharat / bharat

ভাইৰাছটো পৰীক্ষাগাৰৰ পৰা আহিছে, ই প্ৰাকৃতিক নহয়ঃ নিতিন গাডকাৰী - ভাইৰাছ প্ৰসংগত ভাৰতৰ প্ৰথম পতিক্ৰিয়া

কৰ'ণা ভাইৰাছ প্ৰসংগত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নিতিন গাডৰীয়ে কয় যে, কৰ'ণা ভাইৰাছ লেবৰ পৰা আহিছে, ই প্ৰাকৃতিক নহয় । উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰসংগত ভাৰতৰ এয়াই প্ৰথম পতিক্ৰিয়া ।

নিতিন গাডকাৰী
নিতিন গাডকাৰী
author img

By

Published : May 14, 2020, 4:51 PM IST

নিউজ ডেস্ক, 14 মে': বিশ্বত প্ৰায় 3 লক্ষাধিক লোকক মৃত্যু মুখত পেলোৱা আৰু 45 লাখ লোকক আক্ৰান্ত কৰা কৰ'ণা ভাইৰাছৰ জন্ম হৈছিল চীনৰ য়ুহান চহৰত । এই প্ৰসংগত বিভিন্ন দেশে চীন দেশক আঙুলিয়াই আছিল যদিও ভাৰতে কোনো পতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । কিন্তু বুধবাৰে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নিতিন গাডৰীয়ে কয় যে, কৰ'ণা ভাইৰাছ লেবৰ পৰা আহিছে, ই প্ৰাকৃতিক নহয় ।

গাডকাৰীয়ে কয় যে, সেয়ে আমি এই ভাইৰাছৰ সৈতে একেলগে থকাৰ কলা বুজিব লাগিব । সমগ্ৰ বিশ্বই ইয়াৰ কুফল ভোগ কৰি আছে আৰু প্ৰতিষেধকৰ বাবে গৱেষণা চলি আছে । লগতে তেওঁ, ভাইৰাছৰ দ্ৰুত চিনাক্ত কৰণৰ বাবে আমাক ভাল উপায়ৰ প্ৰয়োজন আছে বুলিও কয় । সংবাদ মাধ্যমৰ এক অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে ।

উল্লেখ্য যে, ডোনাল্ড ট্ৰাম্পে পত্যক্ষভাৱে কৰ'ণাৰ বাবে চীনক দোষাৰোপ কৰিছে । ট্ৰাম্পে প্ৰথমে এই ভাইৰাছক "চীনা ভাইৰাছ" বা "য়ুহান ভাইৰাছ" বুলিয়েই অভিহিত কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.