মুম্বাই, ৯ মে': বাইকুল্লা কাৰাগাৰত চিকিৎসাত নিয়োজিত হৈ থকা এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আনুষ্ঠানিকভাৱে শুকুৰবাৰে এই কথা সদৰী কৰা হৈছে ।
চেন্ট্ৰল মুম্বাইত পোহৰলৈ আহিছে এই ঘটনা । বৰ্তমানে চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি উলিওৱা হৈছে । লগতে কোনো কৰাবন্দীৰ সংস্পৰ্শলৈ আহিছিল নেকি চিকিৎসকজন তাৰো পৰীক্ষা কৰা হৈছে । আনহাতে ইয়াৰ পূৰ্বে আৰ্থৰ ৰোড কাৰাগাৰৰ ৭৭ গৰাকী কাৰাবন্দী আৰু কাৰাগাৰৰ ২২ গৰাকী কৰ্মীৰ দেহত ধৰা পৰিছিল COVID-১৯ ৰ অৱস্থিতি ।
দেশত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছ মহামাৰীয়ে । দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে দেশত ৫৯,৬৯৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্য়ুমুখত পৰিছে ১,৯৮৫ গৰাকী লোক । দেশৰ ভিতৰতে সৰ্বাধিক প্ৰভাৱিত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ১৯,০৬৩ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৩১ গৰাকী লোকৰ প্ৰাণ গৈছে ।