ETV Bharat / bharat

কৰ'ণা ভাইৰাছঃ অন্ধ্ৰপ্ৰদেশত ১৬৪ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশত পুনৰ ৩ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰাৰ পাচতেই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছে ১৬৪ গৰাকী ।

author img

By

Published : Apr 4, 2020, 11:22 AM IST

Virus cases in AP touch 164
Virus cases in AP touch 164

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ অন্ধ্ৰপ্ৰদেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । শুকুৰবাৰে পুনৰ তিনিজনকৈ লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ বীজাণু । ৰাজ্যখনত বৰ্তমানলৈকে ১৬৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ । যোৱা ৩০ মাৰ্চত প্ৰথমটো মৃত্যু হৈছিল ।

স্বাস্থ্য বিভাগৰ মতে বৰ্তমানে ৰাজ্যখনত কোভিড-১৯ ৰ সংক্ৰিয় সংখ্যা হৈছে ১৫৯ । বৃহস্পতিবাৰে প্ৰথমে ১২ টা আৰু পুনৰ নিশা ১০.৩০ লৈ তিনিটা ঘটনা পোহৰলৈ আহিছিল ।

আনহাতে ৩০ মাৰ্চত মৃত্যুবৰণ কৰা ৫৫ বছৰীয়া লোকজনৰ গাত এই ভাইৰাছ দিল্লীৰ নিজামুদ্দিনৰ পৰা ১৭ মাৰ্চত উভতি অহা পুত্ৰৰ সংস্পৰ্শত হোৱা বুলি চিকিৎসকে স্পষ্ট কৰে । মৃত্যু হোৱা লোকজনৰ পুত্ৰৰ দেহত ৩১ মাৰ্চত ধৰা পৰে এই ভাইৰাছৰ অৱস্থিতি । বৰ্তমানে যুৱক জনৰ লগতে প্ৰায় সংস্পৰ্শ লৈ অহা ২৯ জনক কোৱাৰেণ্টাইন কৰা হৈছে । আনহাতে গ্ৰেট ব্ৰিটেইনৰ পৰা অহা ২৩ বছৰীয়া আৰু এজন ২২ বছৰীয়া যুৱক সুস্থ হৈ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে ।

অন্ধ্ৰপ্ৰদেশৰ ১৬৪ টা আক্ৰান্তৰ ১৪০ টাই জামাতৰ সৈতে সম্পৰ্ক আছে । জামাতলৈ যোৱা ৮৮১ গৰাকী লোকৰ তেজৰ নমুনাৰ পৰীক্ষাৰ ১০৮ গৰাকীৰ পজিটিভ পোৱা গৈছে । আনহাতে এতিয়াও ৬৫ গৰাকী লোকৰ তেজৰ নমুনাৰ ফলাফল আহিবলৈ বাকী আছে । অন্ধপ্ৰদেশৰ পৰা মুঠ ১০৮৫ গৰাকী লোক জামাতত অংশগ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে স্বাস্থ্য বিভাগৰ উপমুখ্যমন্ত্ৰী এ.কে.কে. শ্ৰীনিবাসে । ইয়াৰে ৯৪৬ জন ঘূৰি অহাৰ বিপৰীতে ১৩৯ জন এতিয়াও অহা নাই । ৯৪৬ গৰাকীৰ ৮৮১ জনক ট্ৰেছ কৰিবলৈ সক্ষম হৈছে প্ৰশাসন ।

মোডীৰ ৯ মিনিটৰ ব্লেক আউট সিদ্ধান্তই কিয় বৃদ্ধি কৰিলে শক্তি বিভাগৰ চিন্তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.