নেশ্যনেল ডেক্স,15 আগষ্টঃ পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সঘনে উলংঘন কৰি অহা যুদ্ধ বিৰতিয়ে দুৰ্বিসহ কৰি তুলিছে ইয়াৰ স্থানীয় লোকসকলৰ জীৱন ৷ এগৰাকী স্থানীয় ব্যক্তিয়ে কয় যে, ‘যোৱা মাহত পাকিস্তানী সেনাৰ আক্ৰমণত আমাৰ পৰিয়ালৰ তিনিজনকৈ সদস্যই মৃত্যুক সাৱতি লয় ৷ গুলিচালনাৰ 5-7 মিনিটৰ ভিতৰতে ঘটনাস্থলীত সেনাৰ লোকসকলক উপস্থিত হৈ আটাইকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷’
আন এগৰাকী স্থানীয় ব্যক্তি ছিদ্দিকে কয় যে,‘ পাকিস্তানী সেনাই নিৰীহ লোকসকলক হত্যা কৰিছে কাৰণ ভাৰতীয় সেনাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা তেঁওলোকৰ নাই ৷ ভাৰতীয় সেনাই প্ৰয়োজনৰ সময়ত আমাৰ কাষত আহি উপস্থিত হয় ৷’
10 আগষ্টতো পুঞ্জ জিলাৰ কৃষ্ণঘাটি চেক্টৰত নিয়ন্ত্ৰণ সীমাৰেখাত যুদ্ধ বিৰতি উলংঘন কৰি গুলিবৰ্ষণ কৰিছিল ৷ ইয়াৰ এদিন পূৰ্বে 9 আগষ্টতো জিলাখনৰ শ্বাহপুৰ, কিৰ্ণী আৰু কৃষ্ণঘাটি চেক্টৰত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰিছিল ৷ এই সকলো আক্ৰমণৰে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আহিছে ভাৰতীয় সেনাই ৷
লগতে পঢ়ক-দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস