ETV Bharat / bharat

জল জীৱন মিছনৰ বাবে গাওঁ পৰ্যায়ত কমিটী গঠন কৰিবলৈ নিৰ্দেশ ৰাজ্যসমূহক - জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ বাবে গাওঁ পৰ্যায়ত কমিটী গঠন কৰি তোলা হ'ব ৷ গাওঁ জল আৰু অনাময় কমিটী গঠন কৰি এই আঁচনি ৰূপায়নৰ বাবে কাম কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশৰ দৰেই বাকীবোৰ ৰাজ্যকো এইক্ষেত্ৰত শীঘ্ৰেই কমিটী গঠন কৰিবলৈ কোৱা হৈছে ৷

জল জীৱন মিছনৰ বাবে গাওঁ পৰ্যায়ত গঠন কৰা হ'ব কমিটী

author img

By

Published : Jul 18, 2020, 9:02 PM IST

নিউজ ডেস্ক, 18 জুলাই : কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ অধীনত ৰাজ্যসমূহক গাঁও পৰ্যায়ত একোখনকৈ কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ গাঁৱে গাঁৱে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ এইক্ষেত্ৰত জল আৰু অনাময় কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰালয়ে ৷

ইতিমধ্যে এই মিছন ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত সফলৰূপে সমাপন কৰা হৈছে ৷ ৰাজ্যকেইখনত গাঁও পৰ্যায়ত জল আৰু অনাময় কমিটী গঠন কৰি এই মিছন ফলৱৰ্তী কৰা হৈছিল ৷

জল জীৱন মিছনৰ দ্বাৰা 2024ৰ ভিতৰত প্ৰতিঘৰ গাঁৱবাসীকে কাৰ্যক্ষম গৃহ টেপ সংযোগ প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ ইয়াৰ পূৰ্বে এই কমিটীত মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিছিল আৰু এতিয়া স্থানীয় প্ৰশাসনৰ লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোককো এই মিছনত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

শেহতীয়াকৈ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ জম্মু-কাশ্মীৰৰ গৱৰ্নৰৰ সৈতে হোৱা বাৰ্তালাপত জম্মু-কাশ্মীৰৰ 6,200 গাঁৱৰ ভিতৰত 1,800 খন গাঁৱতে এই কমিটী গঠন কৰি দিয়া হৈছে বুলি জানিব পৰা যায় ৷

উল্লেখ্য বিগত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অভিলাসী আঁচনিৰ বিষয়ে ঘোষণা কৰিছিল ৷ এই আঁচনিৰ বাবে 2024 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 3.50 লাখ কোটি টকাৰ বাজেট ধাৰ্য কৰিছে ৷ 2021ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ 50 শতাংশ কাম সম্পন্ন কৰিব বিচাৰিছে ৷ আনলক 1.0ত দেশৰ প্ৰায় 45 লাখ গৃহত টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে ৷ 2019ৰ আগষ্টৰ পৰা বৰ্তমানলৈ দেশৰ প্ৰায় 85.43 লাখ লোকক ইয়াৰ সংযোগ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃ সামান্য নিষেধাজ্ঞাৰে সোমবাৰৰ পৰা শিথিল হ'ব কামৰূপ(ম)ৰ লক ডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.