ETV Bharat / bharat

আৰক্ষীৰ গুলীত মৃত্যু গেংষ্টাৰ বিকাশ ডুবেৰ

আৰক্ষীৰ গুলীত মৃত্যু গেংষ্টাৰ বিকাশ ডুবেৰ ৷

author img

By

Published : Jul 10, 2020, 7:53 AM IST

Updated : Jul 10, 2020, 9:44 AM IST

Vikas Dubey dies in an encounter
আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে গেংষ্টাৰ বিকাশ ডুবেই

নেশ্যনেল ডেস্ক, 10 জুলাই : আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে অপৰাধী বিকাশ ডুবেই ৷ উল্লেখ্য যে, শুকুৰবাৰে পুৱা অপৰাধী বিকাশ ডুবেক কঢ়িয়াই নিয়া উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চৰ (STF) গাড়ীৰ দূৰ্ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ পাচতে পলায়নৰ চেষ্টা কৰিছিল ডুবেই ৷ পাচত আৰক্ষীৰ সৈতে গুলিয়াগুলীত ডুবেৰ মৃত্যু হয় বুলি তথ্য লাভ কৰা হৈছে ৷

Vikas Dubey dies in an encounter
আৰক্ষীৰ গুলীত মৃত্যু গেংষ্টাৰ বিকাশ ডুবেৰ

উল্লেখ্য যে, মধ্যপ্ৰদেশত বিকাশ ডুবেক বৃহস্পতিবাৰৰ দিনা গ্ৰেপ্তাৰ কৰাৰ পাচতে আজি উত্তৰ প্ৰদেশৰ কানপুৰলৈ লৈ যোৱা হৈছিল ৷

উত্তৰ প্ৰদেশৰ এক এনকাউন্টাৰত কানপুৰৰ চক্ৰ বিষয়াসহ 8 জন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা বিকাশ ডুবে ঘটনা সংঘটিত কৰা দিনৰ পৰাই পলাই আছিল ৷

বিক্ৰু গাঁৱৰ বাসিন্দা বিকাশ ডুবেৰ বিৰুদ্ধে 60 টাকৈ অপৰাধমূলক গোচৰ ৰুজু আছে ৷ হত্যা, ডকাইতি, অপহৰণকে ধৰি 2001 চনত বিজেপি নেতা সন্তোষ শুক্লাক শিৱলি আৰক্ষী থানাত হত্যা কৰাৰ গোচৰ আছে বিকাশ ডুবেৰ বিৰুদ্ধে ৷ কিন্তু কোনো সাক্ষ্য প্ৰমাণ নথকাৰ বাবে সেই সময়ত তেওঁক জিলা আদালতে মুক্তি দিছিল ৷

1993 চনত প্ৰথমবাৰৰ বাবে কিছু যুৱকক লৈ বিকাশ ডুবে অপৰাধমূলক ঘটনাৰ সৈতে জড়িত হৈ পৰিছিল ৷ ৰাজনৈতিক লিংক থকা বিকাশ ডুবেৰ আছিল ব্যক্তিগত সুৰক্ষা দল ৷ কাৰাগাৰত দিন কটোৱাৰ সময়তো বিকাশ ডুবেই নগৰ পঞ্চায়তৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ ইয়াৰোপৰি, ডুবেৰ বিৰুদ্ধে ব্যৱসায়ী দিনেশ ডুবে আৰু বহুকেইজন ব্যক্তিক হত্যাৰ গোচৰ আছে ৷

জনতা দলৰ বিধায়ক হিচাপে পূৰ্বে কাৰ্যনিৰ্বাহ কৰা হৰিকিষন শ্ৰীবাস্তৱৰ ঘনিষ্ঠ আছিল ডুবে ৷ ইয়াৰ পাচতে শ্ৰীবাস্তৱৰ প্ৰতিদ্বন্দী সন্তোশ শুক্লাক হত্যা কৰিছিল বিকাশ ডুবেই ৷

উল্লেখ্য যে, কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবে সম্পৰ্কত নতুন নতুন তথ্য পোহৰলৈ আহিছিল ৷ বিকাশ ডুবেৰ সন্ধান দিয়াজনক আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ লগতে প্ৰশাসনে তেওঁৰ বাসগৃহ উচ্ছেদ কৰে ৷ ইয়াৰোপৰি, বিভিন্ন স্থানত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ৷

তথ্য অনুসৰি, কানপুৰৰ 'শীৰ্ষ 15' অপৰাধীৰ তালিকাত স্থান নাছিল বিকাশ ডুবেৰ ৷ কানপুৰৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছিল এই তথ্য ৷ আচৰিতভাৱে, গেংষ্টাৰ বিকাশ ডুবেৰ বিৰুদ্ধে কেৱল চৌবেপুৰ আৰক্ষী থানাতে 60 টাকৈ গোচৰ থকাৰ পাচতো শীৰ্ষ অপৰাধীৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা নাছিল ৷

কেনেকৈ আৰক্ষীৰ জালত পৰিছিল গেং ষ্টাৰ বিকাশ ডুবে ?

উত্তৰ প্ৰদেশৰ কুখ্যাত গেংগষ্টাৰ বিকাশ ডুবেক বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জয়িনীস্থিত মহাকাল মন্দিৰত গ্ৰেপ্তাৰ কৰা হয় ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ সময়ত তেওঁ অভিনেতা সঞ্জয় দত্তৰ ‘খলনায়ক’ ছবিখনৰ সংলাপৰ লগত মিলাই ‘মে হু বিকাশ ডুবে, কাণপুৰৱালা’ বুলি উচ্চাৰণ কৰে ৷

উত্তৰ প্ৰদেশৰ কাণপুৰত 8 গৰাকী আৰক্ষীক হত্যা কৰাৰ পাচত এসপ্তাহ ধৰি পলাতক অৱস্থাত আছিল খলনায়ক বিকাশ ডুবে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে হাৰিয়ানা, দিল্লীৰ লগতে ভাৰত-নেপাল সীমাতো তেওঁৰ সন্ধান চলাইছিল ৷ কাণপুৰৰ সন্তান বিকাশ ডুবেয়ে 1990 দশকৰ অভিনেতা চানী ডেউলৰ ‘অৰ্জুন পণ্ডিত’ ছবিৰ অনুসৰণ কৰি নিজকে অপৰাধীলৈ ৰূপান্তৰিত কৰিছিল আৰু নিজকে ‘পণ্ডিত’ হিচাপে পৰিচয় দি আছিল ৷

মন্দিৰৰ সূত্ৰই সদৰী কৰা মতে, অপৰাধী ডুবেয়ে ৰাতিপুৱা মন্দিৰৰ গেটত প্ৰৱেশ কৰে আৰু আৰক্ষী চকীৰ সমীপৰ এক কাউণ্টাৰৰ পৰা 250 টকাৰ টিকট ক্ৰয় কৰে ৷ যেতিয়া তেওঁ প্ৰসাদ কিনিবলৈ এখন দোকানলৈ যায়, দোকানীজনে ডুবেক চিনাক্ত কৰে আৰু এই কথা আৰক্ষীক অৱগত কৰে ৷

আৰক্ষীয়ে তেওঁক নাম সোধাত তেওঁ ডাঙৰকৈ নামটো ‘বিকাশ ডুবে’ বুলি কয় আৰু ইয়াৰ পিছতে আৰক্ষীসহ সুৰক্ষা বাহিনীয়ে তেওঁক আটক কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি, ডুবেৰ সৈতে আৰু দুই সহযোগী জড়িত হৈ আছে ৷ ইতিমধ্য়ে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত সমাপ্ত কৰিছে ৷

এখন ভাইৰেল হোৱা ফটোগ্ৰাফত বিকাশ ডুবেক মন্দিৰৰ কমপ্লেক্সৰ ভিতৰত বহি থকা পৰিলক্ষিত হৈছে ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে বিকাশ ডুবেৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিভাগীয়ভাৱে নিশ্চিত তথ্য প্ৰদান কৰে ৷ মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই গেংগষ্টাৰজনক গ্ৰেপ্তাৰৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰিছে ৷ মিশ্ৰাই কয় যে, বিকাশ ডুবেক কৰা গ্ৰেপ্তাৰৰ পৰিকল্পনাৰ বিষয়ে আৰক্ষীৰ দ্বাৰা পাচত ৰাজহুৱা কৰা হ’ব ৷ ডুবেক সৰুকালৰ পৰাই ধূৰ্ত আৰু চালাক বুলি জনা যায় ৷

বিকাশ ডুবেক গ্ৰেপ্তাৰৰ পাচত এই তথ্য মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানলৈ পঠোৱা হৈছিল , যিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সতৰ্ক কৰি দিছিল ৷ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে অপৰাধী ডুবেক এক গোপন ঠাইলৈ লৈ যায় ৷ ডুবেৰ অন্য দুজন সহযোগী সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মধ্য প্ৰদেশ আৰক্ষীয়ে অপৰাধী ডুবেক মহাকাল থানালৈ লৈ যায় আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক কাণপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰে ৷

উল্লেখ্য যে, বিগত সপ্তাহত 8 গৰাকী আৰক্ষীক হত্যা কৰাৰ পিছত বিকাশ ডুবেৰ 5 সহযোগীক উত্তৰ প্ৰদেশত গুলিয়াই হত্যা কৰা হয় ৷ ফৰিদাবাদৰ পৰা 773 কিলোমিটাৰ দূৰত্বত মঙলবাৰে অপৰাধী ডুবেক অন্তিমবাৰৰ বাবে দেখা পোৱা গৈছিল আৰু অৱশেষত উজ্জয়িনীত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷

যোৱা 2 আৰু 3 জুলাইত এগৰাকী উপ আৰক্ষী অধীক্ষকসহ মুঠ 8 গৰাকী আৰক্ষী বিষয়াক হত্যা কৰা হয় ৷ ইয়াৰ লগতে গুলীবৰ্ষণত অন্য 7 গৰাকী আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনাৰ মূল অভিযুক্ত পলাতক বিকাশ ডুবেক গ্ৰেপ্তাৰৰ বাবে এক ডাঙৰ অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ৷ খলনায়ক ডুবেৰ বিৰুদ্ধে অন্য 70 টা অপৰাধৰ ৰেকৰ্ড আছে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : বন্দে ভাৰতৰ মিছনৰ জৰিয়তে সঞ্চালন হ’ব ইউ এ ইৰ আৱদ্ধ বিমান

Last Updated : Jul 10, 2020, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.