নিউজ ডেস্ক,৪জুলাই: সুৰেন্দ্ৰ জৈন নামৰ এইগৰাকী বিশ্ব হিন্দু পৰিষদৰ সংযুক্ত মহাসচিবে ৰোহটকৰ পণ্ডিত ভগৱত দয়াল শৰ্মা ইউনিভাৰ্চিটি অৱ হেল্থ চায়েঞ্চৰ উপাচাৰ্যক অৱগত কৰিলে তেওঁৰ শৰীৰ উৎসৰ্গাৰ সন্মতি । উল্লেখ্য যে, ICMRৰ DG বলৰাম ভাৰ্গৱে ইতিমধ্যে ৰোহটকৰ এই চিকিৎসা বিশ্ববিদ্যালয় খনলৈ এক পত্ৰৰ জড়িয়তে ক'ভিড-১৯ ভেকচিনবিধৰ মানৱ পৰীক্ষাৰ বাবে অনুমতি প্ৰদান কৰিছে ।
বিশ্ব হিন্দু পৰিষদৰ সুৰেন্দ্ৰ জৈন নামৰ এইগৰাকী কৰ্মীয়ে নিজকে উৎসৰ্গা কৰি চিকিৎসালয়খনৰ উপাচাৰ্যক উদ্দেশ্য কৰি লিখিলে, মোক যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই মই চিকিৎসালয়ত উপস্থিত হ'বলৈ প্ৰস্তুত আছো ।
উল্লেখ্য যে, ভাৰত বায়টেক আৰু ICMRয়ে যৌথ ভাৱে প্ৰস্তুত কৰি ওলিয়াইছে এই ক'ভিড-১৯ ভেকচিন । ইতিমধ্যে ICMRৰ DG বলৰাম ভাৰ্গৱে ক'ভিড-১৯ ভেকচিনৰ মানৱ পৰীক্ষাৰ বাবে ৰোহটকৰ পণ্ডিত ভগৱত দয়াল শৰ্মা ইউনিভাৰ্চিটি অৱ হেল্থ চায়েঞ্চ, বিশাখাপট্টনমৰ কিং জৰ্জ কলেজ আৰু এইমচৰ প্ৰধান সকলক পত্ৰৰ জড়িয়তে অনুমতি প্ৰদান কৰিছে ।
সোমবাৰে ভাৰত বায়টেকে ঘোষণা কৰিছিল যে ভাৰতে প্ৰথম ক'ভিড১৯ ভেকচিন (কভেক্সিন) প্ৰস্তুত কৰাৰ লগতে ড্ৰাগ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰাও মানৱ দেহত ভেকচিন প্ৰয়োগেৰে ক্লিনিকেল পৰীক্ষাৰ বাবে পাইছে অনুমতি । মন কৰিবলগীয়া যে, আইচিএমআৰ আৰু পুনেস্থিত নেশ্ব্যেনেল ইনষ্টিটিউট অৱ ভাইৰ'লজিৰ সহযোগীতাত ৫২ দিনৰ অন্তত এই ভেকচিন প্ৰস্তুতেৰে অন্তিম পৰ্যায় পাবলৈ সক্ষম হৈছে।