নিউজ ডেস্ক, ১৯ জুনঃ প্ৰাক্তন আই এ এছ বিষয়া তথা অৰ্থনীতিবিদ বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান । শুকুৰবাৰে হায়দৰাবাদস্থিত বাসগৃহত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন আইএএছ বিষয়া গৰাকীয়ে । বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় বি পি আৰ বিট্টল বাৰুৰ ।
![বি পি আৰ বিট্টল বাৰু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:46:18:1592554578_7679479_698_7679479_1592550389020.png)
উল্লেখ্য যে, বি পি আৰ বিট্টল বাৰুয়ে ১৯৫০ চনত আইএএছ বিষয়া ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা উপৰিও ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈকে অন্ধ্ৰ প্ৰদেশ চৰকাৰ সচিব ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । লগতে বিত্ত আৰু পৰিকল্পনা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ৰাজ্যখনৰ পৰিকল্পনা বৰ্ডৰ উপাধ্য়ক্ষৰ কাৰ্যভাৰ চলায় । তাৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মিডিয়া উপদেষ্টা হিচাপেও কৰ্মৰত আছিল প্ৰাক্তন আইএএছ বিষয়া বি পি আৰ বিট্টল বাৰু ।
লগতে চাওকঃ উত্তৰাখণ্ডত বাবা ৰামদেৱৰ যোগ প্ৰ'টকল ৰিহাৰ্ছেল অনুষ্ঠানৰ আয়োজন