ETV Bharat / bharat

বন্দে ভাৰত অভিযানঃ নিজগৃহত উপস্থিত বহুসংখ্যক প্ৰৱাসী ভাৰতীয়

author img

By

Published : May 26, 2020, 2:51 PM IST

অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, সোমবাৰে 800ৰো অধিক লোকক উদ্ধাৰ কৰি ভাৰতলৈ অনা হৈছে । চাৰিখন প্ৰত্যাৱৰ্তন বিমানে কঢ়িয়াই আনিছে লোকসকলক ।

ভাৰতীয়ক অনা হ'ল নিজ দেশলৈ
ভাৰতীয়ক অনা হ'ল নিজ দেশলৈ

নিউজ ডেস্ক, 26 মে': লকডাউনৰ সময়ত বিদেশী ৰাষ্ট্ৰত কষ্টভোগ কৰি থকা 833 জন লোকক বন্দে ভাৰত অভিযানৰ জৰিয়তে ভাৰতলৈ অনা হৈছে । ডোহা, ছান ফ্ৰান্সিছকো, মেলবৰ্ন আৰু চিডনীৰ পৰা এই প্ৰৱাসী লোকসকলক উভতাই অনা হৈছে । এই কথা টুইট কৰি প্ৰকাশ কৰিছে অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ।

কেন্দ্ৰীয় চৰকাৰে বিদেশত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ 7 মে'ৰ পৰা "বন্দে ভাৰত" নামৰ এক অভিযান আৰম্ভ কৰিছিল । 13 মে'ত প্ৰথম প্ৰৰ্যায় সমাপ্ত হোৱাৰ পাচত দ্বিতীয় প্ৰৰ্যায় আৰম্ভ কৰা হৈছিল 16 মে'ৰ পৰা । যোৱা সপ্তাহত পুৰীয়ে উল্লেখ কৰা অনুসৰি 20,000 লোকক ভাৰতলৈ অনা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে ।

দ্বিতীয় পৰ্যায়ৰ অভিযানৰ সময়সীমা 13 জুনলৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । 47 খন দেশৰ পৰা 162 খন বিমানেৰে আৱদ্ধ হৈ থকা ভাৰতীয়সকলক অনা হ'ব বুলি উল্লেখ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.