ETV Bharat / bharat

একাধিক গন্তব্য স্থানৰ কেইবাখনো বিমান উপস্থিত হায়দৰাবাদ বিমান বন্দৰত

author img

By

Published : May 22, 2020, 5:17 PM IST

বৃহস্পতিবাৰে বন্দে ভাৰত অভিযানৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰত আবদ্ধ হৈ থকা ভাৰতীয় লোকক উদ্ধাৰ কৰি, বহু কেইখন বিমান উপস্থিত হয় হায়দৰাবাদ বিমান বন্দৰত ।

এয়াৰ ইণ্ডিয়া
এয়াৰ ইণ্ডিয়া

নেশ্যনেল ডেস্ক, ২২ মে': বন্দে ভাৰত অভিযানৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰত আবদ্ধ হৈ থকা ভাৰতীয় লোকক উদ্ধাৰ কৰি বহু কেইখন বিমান বৃহস্পতিবাৰে, একাধিক গন্তব্য স্থানৰ পৰা হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ।

জেদ্দাহৰ পৰা বিজয়ৱাৰা হৈ প্ৰথমখন এয়াৰ ইণ্ডিয়া এআই ১৯১৪ বিমান ৬৮ গৰাকী ভাৰতীয় লোকক কঢ়িয়াই নিশা 12.28 বজাত হায়দৰাবাদ বিমান বন্দৰত অৱস্থান কৰে ।

দ্বিতীয়খন এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭৪ ছান ফ্ৰান্সিস্কোৰ পৰা বাংগালুৰু হৈ হায়দৰাবাদত উপস্থিত হয় । এই বিমানখন বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় 12.16 বজাত ৮১ গৰাকী যাত্ৰী কঢ়িয়াই হায়দৰাবাদ বিমান বন্দৰত উপস্থিত হয় ।

তৃতীয়খন বিমান এআই ১৩৪৭ চিংগাপুৰৰ পৰা হায়দৰাবাদ আহি উপস্থিত হয় সন্ধিয়া প্ৰায় 8.35 বজাত । বিমান খনে মুঠ ১৪৯ গৰাকী যাত্ৰী কঢ়িয়াই আনে ।

উল্লেখ্য যে, যাত্ৰী সকলক বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতেই থাৰ্মেল স্ক্ৰীনিং কৰোৱা হয়, কৰ'ণা মহামাৰী সম্পৰ্কীয় সাৱধানতাৰ বাবে ।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিঙ পুৰীয়ে বৃহস্পতিবাৰে কয় যে, বন্দে ভাৰত অভিযানৰ জৰিয়তে ২০ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্বদেশলৈ উভতাই অনা হৈছে । লগতে অনাগত সময়ত এই সংখ্যা বৃদ্ধি পাব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.