ETV Bharat / bharat

বন্দে ভাৰত অভিযানঃ ডুবাই-ছিংগাপুৰৰ পৰা আহি পালে বিমান

author img

By

Published : May 13, 2020, 6:25 PM IST

বন্দে ভাৰত অভিযানৰ অংশ হিচাবে 176 গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি ডুবাইৰ পৰা কৰ্ণাটকৰ মাংগালোৰলৈ অনা হয় । আনহাতে ছিংগাপুৰত আবদ্ধ 135 গৰাকী লোকক লৈ অনা হয় কেৰালাৰ কোচিন বিমান বন্দৰলৈ।

বন্দে ভাৰত অভিযানঃ ডুবাই-ছিংগাপুৰৰ পৰা আহি ভাৰতত উপস্থিত বিমান

নিউজ ডেস্ক, 13 মে': বন্দে ভাৰত অভিযানৰ অংশ হিচাবে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান এখনেৰে ডুবাইৰ পৰা 176 গৰাকী যাত্ৰী কঢ়িয়াই উপস্থিত হয় কৰ্ণাটকৰ মাংগালোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত । ইপিনে আন এখন বিমানে ছিংগাপুৰৰ পৰা 135 গৰাকী যাত্ৰীৰ সৈতে উপস্থিত হয় কেৰালাৰ কোচিন বিমান বন্দৰত ।

অসামৰিক বিমান মন্ত্ৰণালয়ে জনোৱা অনুসৰি, বৰ্তমানলৈ 31 খন বিমানত 6,037 গৰাকী লোকক বিদেশৰ পৰা ভাৰতলৈ অনা হৈছে । এই অভিযান 7 মে'ৰ পৰা আৰম্ভ হৈছে ।

বন্দে ভাৰত অভিযানৰ জৰিয়তে 64 খন বিমানেৰে বিদেশত আবদ্ধ 14,800 লোকক ভাৰতলৈ অনাৰ ব্য়ৱস্থা কৰা হৈছে । 13 মে'ত এই অভিযানৰ প্ৰথম পৰ্যায় সমাপ্ত হ'ব ।

এই অভিযানৰ দ্বিতীয় পৰ্যায় হ'ব 16 মে'ৰ পৰা 22 মে'লৈ । এই সময়চোৱাত 149 খন বিমানেৰে 31 খন দেশৰ পৰা ভাৰতীয় লোকক নিজ দেশলৈ উভতাই আনিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.