ETV Bharat / bharat

কাটাৰ, চৌদিৰ পৰা 263 ভাৰতীয়ক উদ্ধাৰ বিশেষ বিমানৰ

author img

By

Published : May 21, 2020, 9:54 AM IST

Updated : May 21, 2020, 10:03 AM IST

'বন্দে ভাৰত' অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে কাটাৰৰ দোহা আৰু চৌদি আৰবৰ দামানৰ পৰা 263 জন ভাৰতীয়ক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত হয় দুখন বিমান । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিমান দুখন ।

কাটাৰ, চৌদিৰ পৰা 263 ভাৰতীয়ক উদ্ধাৰ বিশেষ বিমানৰ
ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

নিউজ ডেস্ক, 21 মে': বুধবাৰে এয়াৰ ইণ্ডিয়াৰ দুখন পৃথক বিশেষ বিমানে কাটাৰৰ দোহা আৰু চৌদি আৰবৰ দামনৰ পৰা 263 জন গৰাকী যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত হয় । ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নিশা উপস্থিত হয় বিমান দুখন ।

বন্দে ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়াৰ বিমানে দেশ দুখনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰি ভাৰতলৈ আনে ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-244 বিমানখনে দোহাৰ পৰা আহি ভাৰতত নিশা 7.26 বজাত উপস্থিত হয় । বিমানখনত 184 গৰাকী যাত্ৰী আছিল । আনহাতে, এয়াৰ ইণ্ডিয়াৰ AI 1910 বিমানখনে দামন (চৌদি আৰব)ৰ পৰা 79 গৰাকী যাত্ৰী লৈ ভাৰতত উপস্থিত হয় ।

লোকসকল ভাৰতত উপস্থিত হোৱাৰ পাচত 20-25 জনীয়া গ্ৰুপত বিমান বন্দৰৰ ভিতৰলৈ আনে আৰু থাৰ্মে স্ক্ৰিনিং কৰে । তাৰ পাচত স্বাস্থ্য বিভাগৰ আনুষ্ঠানিকতা সমূহ পালন কৰি 14 দিনৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে প্ৰশাসনে ।

Last Updated : May 21, 2020, 10:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.